নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰ : শীতৰ আগমনৰ লগে লগে এজাক দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰ হৈ পৰিছে ঢকুৱাখনাৰ এটা বিশেষ অঞ্চল। ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ মৰা সোৱণশিৰি নৈৰ এটা বিশাল জলাশয়ত জাক জাক দেশী-বিদেশী পক্ষীৰ কাকলিয়ে সকলোৰে মন পুলকিত কৰি তুলিছে। বৰ্ষামুখ পঞ্চায়তৰ অন্তৰ্গত মঘোৱাচুকত অৱস্থিত বৃহৎ জলাশয়টো অজস্ৰ স্থানীয় তথা পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী হিচাপে গণ্য কৰা হয়। বিগত বছৰসমূহৰ দৰে এইবাৰো মৰা সোৱণশিৰিত শৰালি হাঁহ, দেওহাঁহ, পেলিকান, চাকৈ চকোৱা, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাঁহ, বৰটোকোলা, শামুকভঙা আদি পৰিভ্ৰমী পক্ষীৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ যোৰা পাতি থকা বিশেষত্বৰ বাবে বিখ্যাত চাকৈচকুৱা চৰাইৰ লগতে আন প্ৰজাতিৰ চৰাইৰ জলকেলি আৰু কোলাহলে সমগ্র অঞ্চলটোত নান্দনিক পৰিৱেশৰ সূচনা কৰিছে। সাধাৰণতে নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈকে বহু পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হৈ পৰে এই জলাশয়। জন অৰণ্যৰ কোলাহলত পুৱাৰ পৰা সন্ধিয়ালৈ মুক্ত বিহংগই মুক্ত মনে বিচৰণ কৰিব পৰা পৰিৱেশ সৃষ্টিৰ আঁৰত আছে ৰাইজ। বৃহত্তৰ মঘোৱাচুক আৰু জলাশয়টোৰ নিকটৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজে প্ৰকৃতি আৰু পক্ষীপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই বিগত কেইবাবছৰ ধৰি মৰা সোৱণশিৰিৰ জলাশয়টোলৈ অহা পৰিভ্ৰমী পক্ষীসমূহক সকলো দিশতে ৰক্ষণাবেক্ষণ দি আহিছে। প্ৰকৃতি সংৰক্ষণৰ আদৰ্শ দেখুৱাই অহা অঞ্চলবাসীয়ে জলাশয়টোলৈ অহা পক্ষীকুলৰ যাতে অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবে ২০১৪ চনৰে পৰাই স্থানীয় সচেতন যুৱকসকলে একত্ৰিত হৈ এখন সমিতি গঠন কৰি ইয়াৰ সুৰক্ষা প্ৰদান কৰি আহিছে।প্ৰকৃতি আৰু পক্ষীকুলৰ প্ৰতি অঞ্চলটোৰ ৰাইজৰ থকা মৰম আৰু আদৰ-যত্নৰ বাবেই জলাশয়টোত মুক্ত মনে বিচৰণ কৰে চৰাইবোৰে। উল্লেখ্য যে ঢকুৱাখনাৰ কেইবাটাও প্ৰকৃতি সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমী লোকসকলে বৃহৎ জলাশয়টোক সংৰক্ষণ কৰি পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ দাবী জনাই আহিছিল যদিও আজিলৈকে চৰকাৰ তথা ঢকুৱাখনা মহকুমা প্ৰশাসনে একো ব্যৱস্থা নকৰিলে। ইয়াৰ পিছতো প্ৰতিবছৰে শীতৰ সময়ছোৱাত জলাশয়টোক প্ৰাণৱন্ত কৰি তোলে পৰিভ্ৰমী পক্ষীৰ কাকলিয়ে। চৰকাৰে উদ্যোগ ল’লে মৰা সোৱণশিৰিৰ জলাশয় দেশ-বিদেশৰ পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ যথেষ্ট সম্ভাৱনা আছে।
প্ৰেৰক পুলকজ্যোতি বৰা