🔴বিজেপিৰ ফলাফল দেখি ভূপেন বৰাই মবাইল অফ কৰি ৰাখিছে।
🔴আজিৰ পৰা হয়তো অসমত ভূপেন বৰাক বিচাৰি পাবলৈও কঠিন হ’ব ৷
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ মধ্যপ্ৰদেশ ,ৰাজস্থান আৰু ছত্তিশগড়ত বিজেপিৰ ঐতিহাসিক বিজয়ৰ পিছতে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত কালি বিজেপিৰ সদস্যসকলৰ মাজত ফটকা ফুটাই আনন্দৰ হৰ্ষোল্লাস কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কালি লাহোৱালৰ কানাই গাঁও সেউজ যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা প্ৰাইজমানী ফুটবল খেলখনত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ আহি তিনি ৰাজ্যত বিজেপিৰ ফলাফল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে “মোদী হেয় টো মুমকিন হে ”। দেশৰ প্ৰধানমন্ত্ৰী নেতৃত্বত দেশ আগুৱাই গৈছে বাবেই বিজেপিক ৰাইজে আকোঁৱালি লৈছে৷ তদুপৰি এই তিনি ৰাজ্যৰ ফলাফল দেখি এই কথাও সহজেই অনুমেয় যে তৃতীয়বাৰৰ বাবে ৪০০তকৈও অধিক আসন লৈ দেশৰ প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদীয়েই অধিষ্ঠিত হ’ব ৷ ইয়াৰ মাজতে কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি বিধায়ক জনে কয় যে ভূপেন বৰাই কৈছিল ৩ ডিচেম্বৰত কংগ্ৰেছে বিজয় উল্লাস কৰিব কিন্তু এতিয়া মধ্যপ্ৰদেশ ,ছত্তিশগড় আৰু ৰাজস্থানৰ ফলাফল শুনি ভূপেন বৰাই বিজয় উল্লাস কৰাটো দূৰৈৰ কথা আজি দিনৰ ১১ বজাৰ পৰাই ফোন অফ কৰি ঘৰত শুই আছে কাইলৈৰ পৰা হয়তো ভূপেন বৰাক অসমত বিচাৰি পাবলৈও কঠিন হ’ব ”৷ ইয়াৰোপৰি বিধায়কজনে কয় যে কংগ্ৰেছ এতিয়া সম্পূৰ্ণৰূপে ধূলিসাৎ হৈ গৈছে। অসমততো কোনোদিন কংগ্ৰেছ জিকিবই নোৱাৰে খুৱ সম্ভৱ কংগ্ৰেছ দলে যদি কষ্ট কৰে তেন্তে ২০৩১চন মানলৈ ছাগে ভাল এটা বিৰোধী দল হিচাপে অৱস্থান ল’ব পাৰিব৷
প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই