বিশেষ বাৰ্তা, ৪ ডিচেম্বৰ : কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুস্থিত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাৰ পৰা এগৰাকী কয়দীয়ে পলায়ন কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ মতে, ২০০৫ বৰ্ষত কাৰ্বি আংলঙৰ হাওৰাঘাট থানাত পঞ্জীয়ন হৈ থকা বলাৎকাৰৰ এক গোচৰত অভিযুক্ত হৈ ডিফু জেলত আছিল আকাশ সাহা নামৰ লোকজন। ৩০ নৱেম্বৰত অসুস্থ অৱস্থাত সাহাক ভৰ্ত্তি কৰা হয় ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত। তাতেই চিকিৎসাধীন অৱস্থাত শৌচ কৰিবলৈ বাথৰুমত প্ৰৱেশ কৰি আজি পুৱা প্ৰায় ৯ বজাত ভেন্টিলেটৰ ভাঙি পলায়ন কৰে। লগে লগে চৌদিশে হুৱাদুৱা লাগে। বাতৰি লিখা পৰলৈকে পলাতক আকাশ সাহাৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ডিফু জেল আৰক্ষী আৰু কাৰ্বি আংলং জিলা আৰক্ষীৰ অভিযানকাৰী দলে। জানিব পৰা মতে, পলাতক আকাশ সাহাৰ ঘৰ হোজাই চহৰত।
প্ৰেৰক ৰাজু কাঠাৰ