নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত মাটিৰ দালালক লপাথপা দি আৰক্ষীক গতালে ভুক্তভোগীয়ে

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাটিৰ দালালবিৰোধী কঠোৰ স্থিতিৰ পিছতো ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত মাজে মানেই দালালৰাজ চলি থকাৰ অভিযোগ উত্থাপিত হৈ অহা পোৱা গৈছে। সেই অভিযোগৰ সত্যত পৰিণত কৰি আজি দুপৰীয়া ফালে ভুক্তভোগী মাটিৰ মালিক এগৰাকীয়ে কাৰ্যালয়টোৰ সন্মুখৰ ৰাজপথৰ পৰা ৰাইজৰ সহযোগত মাটিৰ দালালৰূপী এজন ব্যক্তিক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়াৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিষয়টো অৱগত গৈ ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকৰ সন্মুখত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী কায়েম ভাসানী বাসিন্দা তথা ভূক্তভোগী বাহাদুৰ শেখ নামৰ ব্যক্তিজনে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ কৰে। শেখৰ দাবী অনুসৰি, মিশিৰ উদ্দিন নামৰ সেই মাটিৰ দালাল জনে ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত কৰ্মৰত এগৰাকী মণ্ডলৰ সহযোগত ভোগডোহৰ অঞ্চলত থকা তেখেতৰ পাট্টা মাটি খাচ কৰা হোৱাৰ বিপৰীতে চৰকাৰী খাচ মাটিৰ পাট্টা উলিওৱা হৈছে। মিশিৰ উদ্দিনক ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত কৰ্মৰত এগৰাকী মণ্ডলৰ মাটিৰ দালাল বুলি অভিহিত কৰাৰ সমান্তৰালকৈ কাৰ্য্যালয়টোত আৰু তিনি গৰাকীকৈ মাটিৰ দালাল সক্ৰিয় হৈ থকাৰ আন এক চাঞ্চল্যকৰ অভিযোগো অনা পোৱা যায় বাহাদুৰ শেখে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like