সম্পাদকীয় : বিজেপিৰ চমকপ্রদ জয়
২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে দেশৰ পাঁচখন ৰাজ্যৰ নির্বাচনত বিজেপিয়ে চমকপ্রদ সাফল্য লাভ কৰিছে৷ বিজেপিয়ে মধ্যপ্রদেশত বৃহৎ সাফল্যৰ জৰিয়তে পুনৰ ক্ষমতা দখলৰ গৌৰৱ অর্জন কৰাৰ উপৰি কংগ্রেছৰ দখলত থকা ৰাজস্থান আৰু ছত্তিশগড়ত একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহিছে৷ বিগত ১৮ বছৰে ক্ষমতাত থকা বিজেপিৰ বাবে মধ্যপ্রদেশৰ ক্ষমতা অক্ষুণ্ণ ৰখাটো সহজসাধ্য নাছিল৷ কিন্তু এনে অসাধ্য সাধন কৰি বিজেপিয়ে মধ্যপ্রদেশ বিধানসভাত ২৩০খন আসনৰ ভিতৰত ১৬৩খন আসনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ বিজেপিয়ে যোৱা বিধানসভা নির্বাচনৰ তুলনাত অতিৰিক্ত ৫৪খন আসনত জয়লাভ কৰিছে৷ ইয়াৰ বিপৰীতে ৪৮খন আসন হেৰুৱাই কংগ্রেছে মাথোঁ ৬৬খন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজস্থান আৰু ছত্তিশগড়ত বিজেপিয়ে প্রদর্শন কৰা নির্বাচনী সাফল্যয়ো আগন্তুক লোকসভা নির্বাচনৰ পূর্বে বিশেষ গুৰুত্ব বহন কৰিছে৷ দেশৰ হিন্দীবলয়ত বিজেপিৰ সাংগঠনিক ভেটিৰ বিগত এটা দশকত লক্ষণীয় উত্থান হৈছে যদিও ৰাজস্থান আৰু ছত্তিশগড়ত কংগ্রেছে শক্তিশালী খোপনি পুতি লৈছিল৷ কংগ্রেছৰ ভেটিত খহনীয়াৰ সৃষ্টি কৰি ৰাজস্থান আৰু ছত্তিশগড়ত বিজেপিয়ে নতুন ভেটি গঢ়িছে৷ ৰাজস্থানৰ ১৯৯খন আসনৰ ভিতৰত বিজেপিয়ে ১১৫খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱা নির্বাচনৰ তুলনাত বিজেপিৰ ৪২খন আসন বাঢ়িছে৷ ইয়াৰ বিপৰীতে ৩০খন হেৰুৱাই মাথোঁ ৭০খন আসনত বিজয় সাব্যস্ত কৰাৰ ফলত ৰাজস্থানৰ পৰা ক্ষমতাচ্যুত হৈছে কংগ্রেছ৷ ছত্তিশগড়ত বিজেপিৰ লক্ষণীয় সাফল্য দেশজুৰি চর্চিত হৈছে৷ ছত্তিশগড়ত ভূপেশ বাঘেল নেতৃত্বাধীন কংগ্রেছ দল পুনৰ ক্ষমতালৈ আহিব বুলি ৰাজনৈতিক মহলত চর্চা চলাই নহয়, এক্জিট পলতো দেখুওৱা হৈছিল৷ কিন্তু দেওবাৰৰ ভোট গণনাত ৰাজনৈতিক চিন্তা–চর্চা ওলট–পালট কৰি বিজেপিয়ে ৫৪খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ জোখাৰে শক্তি আহৰণ কৰিলে৷ বিজেপিয়ে যোৱা নির্বাচনৰ তুলনাত ৩৯খন আসন অতিৰিক্তভাৱে লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ৩৩খন আসন হেৰুৱাই মাথোঁ ৩৫খন আসনত জয়লাভ কৰাৰ ফলত ছত্তিশগড়ত ক্ষমতাচ্যুত হৈছে কংগ্রেছ দল৷ লোকসভা নির্বাচনৰ পূর্বে কংগ্রেছৰ বাবে মাথোঁ আশাৰ বার্তা কঢ়িয়াইছে তেলেংগানাই৷ তেলেংগানা বিধানসভাৰ ১৯৯খন আসনৰ ভিতৰত ৬৫খন আসনত কংগ্রেছে জয়লাভ কৰাৰ ফলত ৰাজ্যখনত ক্ষমতাচ্যুত হৈছে বিআৰএছ দলটো৷ দেশৰ দক্ষিণাঞ্চলৰ ৰাজ্যখনত বিজেপিয়েও সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ বিজেপিয়ে তেলেংগানাত ৮খন আসনত জয়ী হৈছে৷ যোৱা নির্বাচনত মাথোঁ এখন আসনতহে জয়ী হৈছিল বিজেপি৷ আছাউদ্দিন ওৱেচি নেতৃত্বাধীন এআইএমআইএমৰ আসন পূর্বৰ লেখীয়া সাতখনতে সীমাবদ্ধ আছে৷
আগন্তুক লোকসভা নির্বাচনৰ পূর্বে দেশৰ পাঁচখন ৰাজ্যৰ নির্বাচনক ছেমি ফাইনেল আখ্যা দিয়া হৈছিল৷ নির্বাচন অনুষ্ঠিত মিজোৰামত সর্বভাৰতীয় ৰাজনৈতিক দলৰ বিশেষ প্রভাৱ নাছিল৷ ১৯৮৭ত মিজো চুক্তি স্বাক্ষৰৰ পাছত মিজোৰামৰ ৰাজনীতি দীর্ঘকাল নিয়ন্ত্রিত হৈছিল এমএনএফৰ অধীনত৷ জোৰামথাংগা নেতৃত্বাধীন এমএনএফক ক্ষমতাচ্যুত কৰি মিজোৰামৰ ক্ষমতা দখলৰ বাবে এইবাৰ জনাদেশ লাভ কৰিছে জেডপিএমে৷ প্রাক্তন আইপিএছ বিষয়া লালডুহোমা নেতৃত্বাধীন জেডপিএম হ’ল মিজোৰামৰ আঞ্চলিক দল৷ দলটোৱে বিজেপি আৰু কংগ্রেছৰ পৰা সম দূৰত্বত থাকি নির্বাচনী যুঁজত নামিছিল৷ এমএনএফে ১০খন আসনত জয়লাভ কৰাৰ ফলত বিৰোধীৰ আসনত বহিব লাগিব৷ ইয়াৰ বিপৰীতে বিজেপিয়ে দুখন আসনত জয়লাভ কৰিলেও ৰাজনীতিৰ নতুন সংগী হিচাপে জেডপিএমক লোৱাৰ সম্ভাৱনা আছে৷ লোকসভা নির্বাচনৰ পূর্বে মধ্যপ্রদেশ, ৰাজস্থান আৰু ছত্তিশগড়ৰ দৰে ৰাজ্যত চমকপ্রদ সাফল্যই বিজেপিৰ নেতা–কর্মীসকলৰ মাজত উৎসাহ দুগুণে বৃদ্ধি কৰিছে৷ দেশৰ হিন্দী বলয়ৰ ১৬খন ৰাজ্যত বিজেপিৰ শাসন বলৱৎ হোৱাৰ ফলত আগন্তুক লোকসভা নির্বাচনত ইয়াৰ প্রভাৱ নিশ্চিতভাৱে প্রতিফলিত হ’ব৷ বিজেপিয়ে দেশত পৰৱর্তী প্রধানমন্ত্রী পদত নৰেন্দ্র মোদীক প্রক্ষেপ কৰি পাঁচখন ৰাজ্যত নির্বাচনী যুঁজত নামিছিল৷ বিজেপিৰ এনে ৰণনীতি সফলো হৈছে৷ ইয়াৰ বিপৰীতে আগন্তুক লোকসভা নির্বাচনত কংগ্রেছ নেতৃত্বাধীন ঐক্যমঞ্চই এতিয়াও প্রধানমন্ত্রী পদৰ বাবে সর্বসন্মত নেতা বাছনি কৰিব পৰা নাই৷ প্রধানমন্ত্রী মোদীৰ বিকল্প নেতা এজন বাছনি কৰাটো বিৰোধী ৰাজনেতিক দলসমূহৰ বাবে সহজসাধ্যও নহয়৷ এনে পৰিস্থিতিত আগন্তুক লোকসভা নির্বাচনত সফলতা লাভ কৰাটো বিৰোধী ৰাজনৈতিক দলসমূহৰ বাবে এক প্রত্যাহ্বান হৈ উঠাটো স্বাভাৱিক৷