নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্ৰামা মহিলাৰী এতিয়া এখন ডুবন্ত নাও : উৰ্খাও গৌৰা ব্ৰহ্ম

🟢খৈৰাবাৰীত ইউপিপিএলৰ বিশাল জনজাগৰণ-যোগদান সমাৰোহ

🟢ডেৰ সহস্ৰাধিক লোকৰ ইউ পি পি এলত যোগদান

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ : ১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচি এলেকাত শান্তি প্ৰতিষ্ঠাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে। প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল দল ক্ষমতালৈ অহাৰ পিছতহে অঞ্চলটোলৈ শান্তি-সম্প্ৰীতি ঘূৰি আহিছে। সেয়ে ইউ পি পি এলৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। এই মন্তব্য মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ। ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ মহিৰংগ ফাওথিনাশালীত অনুষ্ঠিত ইউ পি পি এলৰ এক বিশাল জনজাগৰণ-যোগদান সমাৰোহত অংশ লৈ আগন্তুক ১৫ বছৰলৈ বি পি এফ ক্ষমতালৈ আহিব নোৱাৰে বুলি মন্তব্য কৰি মন্ত্ৰী ব্ৰহ্মই কয় যে হাগ্ৰামা মহিলাৰী এতিয়া এখন ডুবন্ত নাও। বি টি আৰক অধিক উন্নয়নৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে সহায়ৰ হাত আগবঢ়ঢ়াই আহিছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে ২০২৪ ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দিল্লীত পুনৰ এন ডি এৰ চৰকাৰ আৰু ২০২৬ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমতো মিত্ৰ জোঁটে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব। একেদৰে বি টি আৰতো প্ৰমোদ বড়োৰ নেতৃত্বত মিত্ৰ জোটৰেই চৰকাৰ হ’ব। হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি ইউ পি পি এলৰ শীৰ্ষ পৰ্যায়ৰ নেতা ব্ৰহ্মই আৰু কয়- দৰং-ওদালগুৰি বাদেই কোকৰাঝাৰতো আজিৰ দিনত মহিলাৰীৰ বি পি এফৰ প্ৰাৰথীয়ে ডেৰ লাখৰ অধিক ভোট পাবলৈ সক্ষম নহয়। এ চি এছ, আই পি এছৰ দৰে উচ্চ পদস্থ বিষয়া সৃষ্টিৰ লক্ষ্যৰে ক’চিঙৰ সুবিধা প্ৰদান কৰি মানৱ সম্পদ বিকাশৰ বাবেও আমাৰ চৰকাৰে কাম কৰিছে – মন্ত্ৰী ব্ৰহ্মই কয় । বি টি আৰৰ অধিক উন্নয়নৰ বাবে আগন্তুক নিৰ্বাচনত ইউ পি পি এলৰ সপক্ষে ভোট দিবৰ বাবেও তেওঁ জনতাক আহ্বান জনায় । খৈৰাবাৰী ব্ল’ক কমিটিৰ উদ্যোগত আয়োজিত সভাত অংশ গ্ৰহণ কৰি ইউ পি পি এলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰীক চোকা সমালোচনা কৰি কয় যে এতিয়া আৰু নাঙলৰ দিন নাই, এতিয়া ট্ৰেক্টৰৰহে দিন। হাগ্ৰামা মহিলাৰীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই; কিন্তু প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হৈছে। ইউ পি পি এলৰ সম্পাদক স্বপন দাসে প্ৰমোদ বড়োক কৰ্ম বীৰ আখ্যা দি কয় যে বি টি আৰৰ ৩২ লাখ জনতাৰ উন্নয়নৰ বাবে বি টি চি প্ৰধান প্ৰমোদ বড়োৱে দিনে-নিশাই কাম কৰি আহিছে । একেদৰে দলৰ আন এগৰাকী সাধাৰণ সম্পাদক তথা এম চি এল এ মাধৱ চেত্ৰীও কয় যে এখন সমৃদ্ধিশালী আৰু সমন্বয়-সম্প্ৰীতিৰ বিটিআৰ নিৰ্মাণৰ বাবে প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল দলে কাম কৰি আহিছে। বি টি চিৰ কাৰ্যবাহী সদস্য ড° নিলোৎ স্বৰ্গীয়াৰী আৰু সঞ্জিৎ তাঁতীও জনসভাত ভাষণ প্ৰদান কৰি কয় যে ইউ পি পি এল আৰু বি জে পি মিত্ৰ জোটৰ চৰকাৰ খনে আঁচনি সমুহ সঠিক ৰূপায়ন কৰি সেৱাৰ মনোভাৱেৰে ৰাইজৰ উন্নয়নৰ হকে কাম কৰিছে। কেইবাসহস্ৰ লোকৰ সমাবেশ ঘটা জনাকীৰ্ণ এই বিশাল সভাত দিলীপ বড়ো, ভ্ৰমণ বাগলাৰী, বাবুল বসুমতাৰী, হেলিনা স্বৰ্গীয়াৰী, মাৰিয়াম তপ্প, খগেন ডেকা, ইউছুফ আলী, নিৰ্মল বড়ো, বি টি চিৰ পাৰিষদ ভবেন্দ্ৰ বড়োকে ধৰি ভালে সংখ্যক দলীয় নেতা -কৰ্মী উপস্থিত থাকে । এই সভাতে বিভিন্ন দল-সংগঠনৰ ডেৰ সহস্ৰাধিক লোকে আজি ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like