নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপৰাধ হ্ৰাস পাইছে অসমত : মুখ্যমন্ত্ৰী

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ অপৰাধ অসমৰ পৰা লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। ১৯৭৯ চনৰ পিছত ২০২২ চনত প্রথমবাৰৰ বাবে ৰাজ্যখনত পূর্বৰ বছৰৰ তুলনাত অপৰাধৰ সংখ্যা হ্রাস পাইছে৷ ইয়াৰ আগতে প্রতি বছৰে ৰাজ্যখনত অপৰাধৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ নেচনেল ক্রাইম ৰিপ’ট ব্যুৰ’ (এনচিআৰবি)ৰ শেহতীয়া তথ্যৰ আধাৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সংস্থা এনচিআৰবিয়ে যোৱা ৪ ডিচেম্বৰত প্রকাশ কৰা ২০২২ চনৰ তথ্যতে সেই ছবিখন পোহৰলৈ আহিছে৷ তদুপৰি এনচিআৰবিৰ ২০২১ৰ তথ্য অনুসৰি দেশৰ ভিতৰতে অপৰাধৰ ক্ষেত্রত অসমৰ স্থান আছিল ৯ নম্বৰ৷ এইবাৰ ২০২২ৰ প্রতিবেদনত অসমে দেশৰ ভিতৰত অপৰাধৰ ক্ষেত্রত ৯ নম্বৰৰ পৰা ২০ নম্বৰৰ তললৈ নামি আহিবলৈ সক্ষম হৈছে৷ মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্রত ২০২১ বর্ষৰ এনচিআৰবিৰ তথ্যত অসম দেশৰ ভিতৰতে প্রথম স্থানত আছিল৷ ২০২২ বর্ষত অসম প্রথম স্থানৰ পৰা সপ্তম স্থানলৈ নামি আহিবলৈ সক্ষম হৈছে৷ অপৰাধৰ ক্ষেত্রত এটা বছৰৰ ভিতৰতে অসমে নৱম স্থানৰ পৰা ২০তম স্থানলৈ নামি অহাটো অভাৱনীয় সাফল্য বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্রত এইবাৰ অসম সপ্তম স্থানলৈ নামি আহিছে যদিও ইয়াক অধিক হ্রাস কৰাৰ বাবে আৰু কিছু কাম কৰিব লাগিব৷ তথাপিও প্রথম স্থানৰ পৰা সপ্তম স্থানলৈ নামি অহাটো সাফল্যৰ বাটত খোজ বুলিব পাৰি৷ এনচিআৰবিৰ তথ্যৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২০ চনত ৰাজ্যখনত ১,২১,৬০৯টা অপৰাধ সংঘটিত হোৱাৰ বিপৰীতে ২০২১ চনত ১,৩৩,২৩৯টা অপৰাধ সংঘটিত হয়৷ ২০২২ চনত এই অপৰাধ ৬৮,৯৩৭টালৈ হ্রাস পাইছে৷ ২০২১ চনৰ তুলনাত ২০২২ চনত ৰাজ্যখনত ৪৮.২৬ শতাংশ অপৰাধ হ্রাস পায়৷ এক লাখ জনসংখ্যাৰ বিপৰীতে ২০২০ চনত ৩২০.৬ শতাংশ, ২০২১ চনত ৩৪১ শতাংশ আৰু ২০২২ চনত ১৯৪.২ শতাংশ অপৰাধ সংঘটিত হয়৷ ২০২১ চনৰ তুলনাত ২০২২ চনত ৪৩.০৫ শতাংশ অপৰাধ হ্রাস পায়৷ অপৰাধমূলক গোচৰৰ ক্ষেত্রত ২০২১ চনতকৈ ২০২২ চনত ১০০ শতাংশ গোচৰ পঞ্জীয়ন হ্রাস পাইছে৷ অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ ক্ষেত্রত ২০২০ চনত ৫.৬১ শতাংশ, ২০২১ চনত ৬.১৩ শতাংশ হোৱাৰ বিপৰীতে ২০২২ চনত ১৩.৫৬ শতাংশলৈ বৃদ্ধি পাইছে৷ যোৱা এটা বছৰত অসম আৰক্ষীৰ ৪০০ বিষয়া–কর্মচাৰীক ফৰেনচিকৰ প্রশিক্ষণ দিয়াৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২৬ চনত অসমেও অভিযুক্তক দোষী সাব্যস্ত কৰাৰ ক্ষেত্রত ৰাষ্ট্রীয় হাৰৰ সমান পর্যায়ত উপনীত হ’ব পাৰিব৷ নিষ্পত্তি নোহোৱা গোচৰৰ ক্ষেত্রত ২০২০ চনত ১,৫৪,২৮০টাৰ বিপৰীতে ২০২১ চনত ১,৩৩,৯৮২টা লৈ হ্রাস পায়৷ ২০২২ চনত এই সংখ্যা ৫৮,৬৮৪টালৈ হ্রাস পাইছে৷ অহা বছৰত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা শেষ হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ হত্যাৰ অপৰাধৰ ক্ষেত্রত ২০২০ চনত ৰাজ্যখনত ১,১৩১টা, ২০২১ চনত ১,১৯২টা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২২ চনত ১,০৭২টা ঘটনা সংঘটিত হয়৷ ২০২১ৰ তুলনাত ২০২২ত হত্যাৰ ঘটনা ১০.০৭ শতাংশ হ্রাস পাইছে৷ অপহৰণৰ অপৰাধ ২০২০ চনত ৬,৯৩৪টা, ২০২১ চনত ৭,৫৮০টা হোৱাৰ বিপৰীতে ২০২২ চনত ৪,৫৬০টালৈ হ্রাস পাইছে৷ ২০২১ৰ তুলনাত ২০২২ বর্ষত ৩৯.৮৪ শতাংশ অপহৰণৰ ঘটনা হ্রাস পাইছে৷ মহিলাৰ বিৰুদ্ধে অপৰাধ ২০২০ চনত ২৬,৩৫২টা, ২০২১ চনত ২৯,০৪৬টা সংঘটিত হোৱাৰ বিৰুদ্ধে ২০২২ চনত ১৪,১৪৮টা সংঘটিত হয়৷ ২০২১ৰ তুলনাত ২০২২ চনত ৫১.২৯ শতাংশ মহিলাৰ বিৰুদ্ধে অপৰাধ হ্রাস পাইছে৷ একেদৰে শিশুৰ বিৰুদ্ধে অপৰাধ ২০২০ চনত ৪,৬২২টা, ২০২১ চনত ৫,২৮২টা সংঘটিত হোৱাৰ বিপৰীতে ২০২২ চনত ৪,০৮৪টা ঘটনা সংঘটিত হয়৷ অৱশ্যে ২০২২ চনত ৰুজু হোৱা ৪,০৮৪টা ঘটনাৰ ভিতৰত বাল্য বিবাহৰ বাবে চৰকাৰে ৰুজু কৰা ২০০০ গোচৰো আছে৷ ২০২১ৰ তুলনাত ২০২২ত শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ ২২.৬৯ শতাংশ হ্রাস পাইছে৷ অর্থনৈতিক অপৰাধৰ ক্ষেত্রত ২০২০ চনত ৯,৮৮৪টা, ২০২১ চনত ১১,৮০৯টা আৰু ২০২২ত ৫,৫৮০টা সংঘটিত হয়৷ ভেজালকৰণৰ পৰা আৰম্ভ কৰি অর্থনৈতিক প্রবঞ্চনাৰ অর্থনৈতিক অপৰাধ ২০২১ৰ তুলনাত ২০২২ত ৫২.৭৫ শতাংশ হ্রাস পাইছে৷ দুর্নীতিৰ বিৰুদ্ধে অভিযানৰ ক্ষেত্রত ২০২০ চনত ১৬টা, ২০২১ত ১৬টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২২ চনত ৫৭টা গোচৰ ৰুজু হৈছে৷ দুর্নীতিৰ বিৰুদ্ধে অভিযানৰ ক্ষেত্রত ২০২১ৰ তুলনাত ২০২২ত ২৫৬.২৫ শতাংশ বৃদ্ধি হৈছে৷ ৰাষ্ট্রৰ বিৰুদ্ধে বিদ্রোহৰ ক্ষেত্রত ২০২০ত ৩৩৩টা, ২০২১ত ৩২৭টা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২২ত ২৯৮টা ঘটনা সংঘটিত হয়৷ ২০২১ৰ তুলনাত ২০২২ত ৰাষ্ট্রৰ বিৰুদ্ধে বিদ্রোহৰ ঘটনা ১০.৫২ শতাংশ হ্রাস পাইছে৷ গছ কটা, শিল–বালি সৰবৰাহকে ধৰি পৰিৱেশ সম্পর্কীয় অপৰাধৰ ক্ষেত্রত ২০২১ চনত ১০৮টা গোচৰৰ বিপৰীতে ২০২২ চনত ৭৭টা গোচৰ ৰুজু হয়৷ ২০২১ৰ তুলনাত ২০২২ত এনে অপৰাধ হ্রাসৰ হাৰ ৩৮.৪ শতাংশ৷ মানৱ সৰবৰাহৰ গোচৰ ২০২০ত ১২৪টা, ২০২১ত ২০৩টা ৰুজু হোৱাৰ বিপৰীতে ২০২২ত ১৪০টা ৰুজু হয়৷ ২০২১ৰ তুলনাত ২০২২ত মানৱ সৰবৰাহৰ ঘটনা ৩১.০৪ শতাংশ হ্রাস পাইছে৷ সন্ত্রাসবাদীৰ হাতত ২০২১ত ১২জন সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে ২০২২ত দুইজনলৈ হ্রাস পাইছে৷ চলিত ২০২৩ বর্ষত এতিয়ালৈ ৰাজ্যখনত সন্ত্রাসবাদীৰ হাতত এজনো লোকে প্রাণ হেৰুওৱা নাই৷ সন্ত্রাসবাদীৰ হাতত নিৰাপত্তাৰক্ষীও ২০২২ বর্ষত এজনো হত্যা হোৱা নাই৷ ইপিনে, সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই চলিত ২০২৩ বর্ষত যোৱা ৩১ অক্টোবৰলৈ ৰাজ্যখনত সংঘটিত অপৰাধ সম্পর্কত ৰাজ্যিক ক্রিমিনেল ৰিপ’ট ব্যুৰ’ (এছচিআৰবি)ৰ তথ্য সদৰী কৰি কয় যে বছৰটোত ৫৬,২০২টা অপৰাধমূলক গোচৰ ৰুজু হৈছে৷ এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ১৮৮ শতাংশ৷ এই বছৰটোত অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ হাৰ ১৫.৮০ শতাংশ৷ বছৰটোত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা ৩২,০৪২টা৷ বছৰটোত ৮২৯টা হত্যা, ২,৬৯৯টা অপহৰণ, ৭,৪৫৩টা মহিলাৰ বিৰুদ্ধে অপৰাধ, ৫,৩৭০টা বাল্য বিবাহৰ ঘটনাকে ধৰি মুঠ ৬,১৭১টা শিশুৰ বিৰুদ্ধে অপৰাধ, চলিত বর্ষৰ ৩০ নৱেম্বৰলৈ দুর্নীতি প্রতিৰোধৰ বাবে ৰুজু হোৱা ১০৪টা গোচৰৰ ১১২গৰাকী ব্যক্তি গ্রেপ্তাৰ হৈছে৷ ইয়াৰে ৮৭টা গোচৰেই ট্রেপ কেচ৷

#বাৰ্তা ডেস্ক

You might also like