নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছচিয়েল মিডিয়াত অযথা হুলস্থূল হৈছে

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ গৌতম গম্ভীৰ আৰু শ্ৰীশান্তৰ মাজত চলি থকা বিবাদ সন্দৰ্ভত স্পষ্টকৈ কৈছে টীম ইণ্ডিয়াৰ প্ৰাক্তন বেগী বলাৰ প্ৰবীণ কুমাৰে। এই বিষয়ত বলপূৰ্বক হুলস্থুলৰ সৃষ্টি হোৱা বুলি তেওঁ কৈছে। এই সকলো কথা ছ’চিয়েল মিডিয়াত হোৱা উচিত নহয়। খেলপথাৰত খেলুৱৈৰ মাজত যথেষ্ট কাজিয়া হোৱা বুলিও তেওঁ কৈছে। আইএনএছৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰবীণ কুমাৰে কয়, ‘এই সকলোবোৰ খেলৰ অংশ। এনে ঘটনাৰ হাইপ কৰাৰ প্ৰয়োজন নাই। কেৱল পথাৰতে সীমাবদ্ধ থাকিব লাগে। এই কথাটো আৰু আগুৱাই নিব নালাগে। অপ্ৰয়োজনীয়ভাৱে মানুহে ছ’চিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি কৰিছে, কিছুদিনৰ পাছত দেখিব যে দুয়োজনে ই সকলো পাহৰি যাব। উল্লেখ্য যে ২০২৩ চনৰ ৬ ডিচেম্বৰৰ সন্ধিয়া চুৰাটৰ লালভাই কন্ট্ৰেক্টৰ ষ্টেডিয়ামত গুজৰাট জায়েন্টছ আৰু ইণ্ডিয়া কেপিটেলছৰ মাজত লিজেণ্ডছ লীগ ক্ৰিকেটৰ এলিমিনেটৰ মেচ অনুষ্ঠিত হয়। এই সময়তে ইণ্ডিয়ান কেপিটেলছৰ গৌতম গম্ভীৰ আৰু গুজৰাট জায়েন্টছৰ শ্ৰীশান্তৰ মাজত কাজিয়াত লিপ্ত হয়। এই বিবাদ ইমানেই বাঢ়ি গ’ল যে সহযোগী ক্ৰিকেটাৰ আৰু আম্পায়াৰসকলে সহায়ৰ হাত আগবঢ়াব লগা হ’ল। বিষয়টো ইয়াতেই শেষ নহ’ল। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত আৰম্ভ হ’ল কাজিয়া। প্ৰথমতে শ্ৰীশান্তে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি গৌতম গম্ভীৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত গৌতম গম্ভীৰেও নিজৰ ইনষ্টাগ্ৰামত এখন হাঁহিৰ ছবি পোষ্ট কৰি লিখিছে যে যেতিয়া পৃথিৱীয়ে কেৱল মনোযোগ আকৰ্ষণ কৰিবলৈ যিকোনো কাম কৰে, তেতিয়া কেৱল হাঁহিব। গম্ভীৰৰ এই পোষ্টটোৰ পিছত শ্ৰীশান্তে পুনৰ দীঘলীয়া প্ৰতিক্ৰিয়া দি বহু সমালোচনা কৰে।

#বাৰ্তা ডেস্ক

You might also like