বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : প্ৰায় এমাহ পূৰ্বে ৰাজ্যিক চিৰিয়াখানাত জন্ম পোৱা জিৰাফৰ পোৱালিটোৰ নাম দিলে ‘পাৰিজাত’। আজি পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক চিৰিয়াখানাত উপস্থিত হৈ জিৰাফৰ পোৱালিটোৰ নাম ঘোষণা কৰে। জিৰাফৰ পোৱালিটোৰ জন্মৰ পিছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই জিৰাফৰ পোৱালিটোৰ নামকৰণৰ বাবে ৰাইজলৈ আহ্বান জনাইছিল। সেই আহ্বানলৈ সঁহাৰি জনাই ৩৫০গৰাকী ব্যক্তিয়ে জিৰাফৰ পোৱালিটোৰ নাম পঠিয়াইছিল। আটাইবোৰৰ নামৰ মাজৰ পৰা লটাৰীযোগে এটা নাম বাছি উলিয়ায়। ‘পাৰিজাত’ নামটো বাছনিত উঠে জিৰাফৰ পোৱালিটোৰ। মুখ্যমন্ত্ৰী ড০ শৰ্মাই জিৰাফৰ পোৱালিটোক নিজ হাতে গাখীৰো খুৱায়।