নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাকেশ পালৰ ঘনিষ্ঠ নন্দবাবু সিঙক আটক

🔹 জ্বলাই দিছিল প্রাৰম্ভিক পৰীক্ষাৰ ৪৯ হাজাৰ উত্তৰবহী

ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ডিচেম্বৰ : অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত নন্দবাবু সিঙক আটক কৰা হৈছে৷ এপিএছচিৰ প্রাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রক সিঙক বিশেষ অনুসন্ধানকাৰী গোট (এছআইটি)–এ শিলচৰৰ পৰা আটক কৰে৷ পৰহি নিশা শিলচৰৰ পৰা আটক কৰাৰ পাছতে কালি দিনৰ ভাগত তেওঁক গুৱাহাটীস্থিত চিআইডিৰ কার্যালয়লৈ অনা হয়৷ চিআইডিৰ কার্যালয়তে এছআইটিয়ে তেওঁক কালি দিনটো জেৰা কৰাৰ পাছত নিশাৰ ভাগলৈ যাবলৈ অনুমতি দিয়ে৷ অৱশ্যে তেওঁক আজি পুনৰ এছআইটিৰ সন্মুখত হাজিৰ হ’বলৈ নির্দেশ দিয়ে৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠন কৰা ন্যায়িক আয়োগৰ প্রতিবেদনৰ ভিত্তিতে এছআইটিয়ে নন্দবাবু সিঙক আটক কৰে৷ এপিএছচি কেলেংকাৰি পোহৰলৈ অহাৰ পাছৰে পৰা প্রাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রকজনৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ মূলতঃ এপিএছচিৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়ত ৰাকেশ পালে সংঘটিত কৰা প্রতিটো অনিয়মৰে অন্যতম সহযোগী আছিল নন্দবাবু সিং৷ এপিএছচিৰ নিয়ম অনুসৰি পৰীক্ষাৰ প্রশ্ণকাকত ছপোৱাৰ পৰা টেবুলেচনশ্বীট প্রস্তুত কৰালৈকে সকলো ক্ষেত্রতে প্রধান পৰীক্ষা নিয়ন্ত্রকৰ একচেটিয়া কর্তৃত্ব থাকে৷ আনকি এপিএছচিৰ গোপন কক্ষৰ এপাট চাবি অধ্যক্ষ আৰু আন এপাট চাবি প্রধান পৰীক্ষা নিয়ন্ত্রকৰ হাতত থাকে৷ যাৰ বাবে গোপন কক্ষৰ দুৱাৰৰ তলা খোলা চাবিকাঠী দীর্ঘকালৰ বাবে সিঙৰ হাতত আছিল আৰু সেই সময়তে ৰাকেশ পালৰে লগ লাগি অনিয়ম সংঘটিত কৰিছিল৷ ২০১৩ বর্ষৰ ১৩ মার্চৰ পৰা ২০১৫ বর্ষৰ ১৩ জুলাইলৈকে সিঙে এপিএছচিৰ প্রধান পৰীক্ষা নিয়ন্ত্রক হিচাপে কার্যনির্বাহ কৰি আছিল৷ লক্ষণীয়ভাৱে তেওঁ কার্যনির্বাহ কৰি থকাৰ সময়তে ২০১৪ চনত এপিএছচিৰ পৰীক্ষাত কন্যা মিনার্ভা দেৱীও অৱতীর্ণ হৈছিল৷ পৰৱর্তী সময়ত মিনার্ভা দেৱীয়ে এপিএছচি পৰীক্ষাত উত্তীর্ণ হৈ এচিএছ বিষয়া হিচাপে চাকৰি লাভ কৰে৷ সম্প্রতি মিনার্ভা দেৱী কৰিমগঞ্জৰ অতিৰিক্ত জিলা আয়ুক্ত৷ এপিএছচিৰ নিয়ম অনুসৰি অধ্যক্ষ অথবা আন কোনো ব্যক্তি বিষয়ববীয়া আৰু সদস্যৰ দায়িত্বত থকাৰ সময়ত তেওঁলোকৰ আত্মীয় পৰীক্ষাত অৱতীর্ণ হ’ব নোৱাৰে৷ যদি অৱতীর্ণ হয়, তেনেহ’লে তেওঁলোকে দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগে৷ কিন্তু কন্যা অৱতীর্ণ হোৱাৰ সময়ত এপিএছচিৰ প্রাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হোৱালৈকে সিঙে প্রধান পৰীক্ষা নিয়ন্ত্রকৰ দায়িত্ব এৰি দিয়া নাছিল৷ কেৱল কন্যাৰ মূল পৰীক্ষাৰ কিছুদিন পূর্বেহে তেওঁ দায়িত্বৰ পৰা অব্যাহতি লৈছিল৷ ৰহস্যজনকভাৱে আনুষ্ঠানিকভাৱে দায়িত্বৰ পৰা অব্যাহতি ল’লেও সেই সময়ছোৱাত তেওঁ সঘনে এপিএছচিৰ মুখ্য কার্যালয়লৈ অহা–যোৱা কৰিছিল৷ আন এক গুৰুতৰ অভিযোগ অনুসৰি দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ সময়তো নন্দবাবু সিঙে নিজৰ হাতত থকা চাবিকাঠী আয়োগৰ ওচৰত জমা দিয়া নাছিল৷ যাৰ বাবে আন প্রার্থীৰ লগতে কন্যা মিনার্ভা দেৱীকো বক্রপথেৰে এপিএছচিৰ পৰীক্ষাত উত্তীর্ণ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷ সমান্তৰালভাৱে এপিএছচিৰ অনিয়মৰ তদন্ত আৰম্ভ হোৱাৰ সময়ছোৱাতে গোপন কক্ষত থকা প্রাৰম্ভিক পৰীক্ষাৰ ৪৯ হাজাৰ উত্তৰবহী সিঙে জ্বলাই দিয়াৰো অভিযোগ উঠিছে৷ কোৱা হয় যে এপিএছচিত সংঘটিত অনিয়মৰ তথ্য লুকুৱাবৰ বাবেই সিঙে এই কার্য সংঘটিত কৰিছিল৷ সেয়েহে এইজন প্রাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রকক জেৰা কৰাৰ লগে লগে সেই সময়ত ৰাকেশ পালৰ আমোলত সংঘটিত বহু অনিয়মৰ গোপন ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ ইপিনে, এছআইটিয়ে পিতৃক আটক কৰাৰ সমান্তৰালকৈ কন্যা মিনার্ভা দেৱীকো জেৰাৰ বাবে তলব কৰিছে৷ আজি মিনার্ভা দেৱী এছআইটিৰ ওচৰত হাজিৰ হ’ব লাগিব৷ মিনার্ভা দেৱীৰ লগতে আন দুই নিলম্বিত বিষয়া ধীৰাজ কুমাৰ জৈন আৰু দীপাংকৰ দত্ত লহকৰকো জেৰাৰ বাবে তলব কৰা হৈছে৷ এছআইটিয়ে ইতিমধ্যে সুকন্যা দাস, ঐশ্বর্য জীৱন বৰুৱা, ছাহজাহান সৰকাৰ, ৱাহিদা বেগম আৰু ৰাকেশ দাসক ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত গ্রেপ্তাৰ কৰিছে৷

You might also like