নেহৰুৰ ভুলৰ বাবেই কাশ্মীৰত জন্ম হৈছিল সন্ত্রাসবাদৰ : অমিত শ্বাহ
🔹 ‘পাক অধিকৃত কাশ্মীৰ আমাৰ, কোনেও আমাৰ পৰা নিব নোৱাৰে’
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰেৰে জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা কর্তনৰ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তক সঠিক বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ কেইঘণ্টামান পাছতেই ৰাজ্যসভাত গৃহীত হয় জম্মু–কাশ্মীৰ সম্পর্কীয় দুই বিধেয়ক৷ চলিত সংসদৰ শীতকালীন অধিৱেশনত কালি ৰাজ্যসভাত জম্মু–কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক–২০২৩ আৰু জম্মু–কাশ্মীৰ পুনৰ গঠন (সংশোধনী) বিধেয়ক–২০২৩ গৃহীত হয়৷ অৱশ্যে এই বিধেয়ক দুখন গৃহীত হোৱাৰ পূর্বেই কংগ্রেছসহ বিৰোধীয়ে সদন ত্যাগ কৰে৷ দুই বিধেয়ক সন্দর্ভত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিৰোধী সাংসদসকলৰ যুক্তি আৰু প্রশ্ণক খণ্ডন কৰি জম্মু–কাশ্মীৰৰ অশান্ত পৰিস্থিতি তথা সন্ত্রাসবাদৰ জন্মৰ বাবেই প্রাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক দোষাৰোপ কৰে৷ প্রাক্তন প্রধানমন্ত্রী নেহৰুৰ বাবে জম্মু–কাশ্মীৰত সন্ত্রাসবাদ শিপাইছিল বুলি সমালোচনা কৰে গৃহমন্ত্রী শ্বাহে৷ উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তক বৈধ বুলি দিয়া ৰায়ক আদৰণি জনাই শ্বাহে বিৰোধীৰ বিধেয়ক দুখনক লৈ অর্থাৎ জম্মু–কাশ্মীৰক লৈ কৰা প্রতিটো বক্তব্যৰ যথোচিত প্রত্যুত্তৰ দিয়ে৷ বিজেপি চৰকাৰৰ দিনত সন্ত্রাসবাদৰ মেৰুদণ্ড ভাঙি দিয়া বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে পাক অধিকৃত কাশ্মীৰ ভাৰতৰ আৰু ই কেতিয়াও কাঢ়ি নিব নোৱাৰে বুলি দৃঢ়তাৰে কয়৷ দেশৰ এক ইঞ্চি ভূমিৰ বাবে যুঁজি যাব বুলি অংগীকাৰ কৰি গৃহমন্ত্রী শ্বাহে সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ দ্বাৰা তিনিটা পৰিয়াল লাভৱান্বিত হোৱা বুলি জম্মু–কাশ্মীৰত দশক দশক ধৰি শাসন চলাই থকা পৰিয়ালকেইটাক কটাক্ষ কৰে৷ ইপিনে, যদি অনুচ্ছেদ ৩৭০ সঠিকেই আছিল, তেতিয়াহ’লে কিয় নেহৰুৱে অস্থায়ী শব্দটো ব্যৱহাৰ কৰিছিল বুলি প্রাক্তন প্রধানমন্ত্রীগৰাকীক কটাক্ষ কৰে৷ উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ৩৭০ প্রত্যাহাৰ আৰু জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন সাংবিধানিক বৈধ বুলি কোৱাৰ পাছতো কংগ্রেছে ইয়াৰ বিৰোধিতা কৰাটোৱে দলটোৱে সংবিধানক অৱমাননা কৰা বুজায় বুলি সমালোচনা কৰে গৃহমন্ত্রী শ্বাহে৷ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদনকাৰীয়ে জনোৱা প্রত্যাহ্বানক উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাটোৱে এই কথা সূচায় যে পূর্বৰ চৰকাৰৰ জম্মু–কাশ্মীৰক লৈ লোৱা স্থিতি শুদ্ধ নাছিল৷ আনহাতে, চাৰি বছৰ পূর্বে অনুচ্ছেদ ৩৭০ প্রত্যাহাৰেৰে জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা কর্তন কৰাৰ পাছত অঞ্চলটোলৈ সুস্থিৰ বাতাৱৰণ ঘূৰি আহিছে বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কয় যে পূর্বতে শিলগুটি নিক্ষেপ কৰা যুৱকসকলৰ হাতত এতিয়া আমাৰ চৰকাৰে লেপটপ তুলি দিছে৷ ২০১৪ চনৰ পূর্বে সন্ত্রাসবাদৰ আলোচনা কৰা লোকসকলে এতিয়া গণতন্ত্রৰ বার্তা শুনিবলৈ লৈছে৷ সন্ত্রাসবাদীৰ অন্তিম সৎকাৰত হাজাৰ হাজাৰ লোকে সমৱেত হোৱাৰ দিনবোৰ এতিয়া উকলি গৈছে৷ উল্লেখ্য যে পূর্বতে জম্মুত ৩৭খন আসন আছিল৷ নতুন সমষ্টি নির্ধাৰণ আয়োগে ইয়াৰ সংখ্যা ৪৩লৈ বৃদ্ধি কৰিছে৷ তেনেদৰে কাশ্মীৰত ৪৬ৰ পৰিৱর্তে এতিয়া ৪৭খনলৈ বৃদ্ধি কৰিছে৷ পাকিস্তান অধিকৃত কাশ্মীৰত ২৪খন আসন সংৰক্ষিত আছিল৷