নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছী নেতাৰ গৃহত জব্দকৃত টকা ৩৫৩ কোটিলৈ বৃদ্ধি

🔹 সাংসদ ধীৰাজ চাহুৰ ৰাঁচীৰ বাসগৃহত এতিয়াও শেষ হোৱা নাই টকাৰ গণনা

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : ঝাৰখণ্ডৰ কংগ্রেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ পৰা জব্দ কৰা নগদ ধন এতিয়াও গণি গণি শেষ কৰিব পৰা নাই৷ দেশৰ ভিতৰত সর্বাধিক নগদ ধন জব্দ হোৱাৰ এক অভিলেখ সৃষ্টি হোৱা চাহুৰ বাসগৃহকে ধৰি ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা জব্দ কৰা ধন ৬ দিন ধৰি গণি আছে৷ ৪৫টা মেচিনেৰে ৫০তকৈ অধিক বেংক বিষয়াই নগদ ৩৫৩ কোটি টকা গণনা কৰিবলৈ সক্ষম হৈছে৷ ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিমবংগৰ ৯ স্থানত তালাচী চলাই জব্দ কৰা ধনৰ বাকী অঞ্চলত গণনা প্রায় শেষ হৈছে যদিও চাহুৰ ৰাঁচীস্থিত বাসগৃহত এতিয়াও গণিবলৈ অনেক টকা বাকী আছে৷ আয়কৰ বিভাগে যোৱা ৬ ডিচেম্বৰত বৌদ্ধ ডিষ্টিলাৰী প্রাইভেট কোম্পানীৰ লগতে সাংসদ চাহুৰ বিভিন্ন ব্যৱসায়িক স্থানত অভিযান চলাই আলমাৰীত শাৰী শাৰীকৈ ৰখা টকাৰ পাহাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ উক্ত দিনাৰে পৰা মেচিনেৰে বেংক বিষয়াই টকা গণিয়েই আছে৷ পৰহিলৈকে ৩০০ কোটি টকা গণনা কৰাৰ পিছত কালি নগদ ধনৰ পৰিমাণ ৩৫৩ কোটি টকালৈ বৃদ্ধি পাইছে৷ কংগ্রেছ সাংসদৰ পৰা জব্দ কৰা বৃহৎ পৰিমাণৰ নগদ টকাৰ ঘটনাটোৱে এতিয়া দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি৷ দলটোৱে দেশৰ প্রান্তে প্রান্তে দুর্নীতিবিৰোধী প্রতিবাদ সাব্যস্ত কৰিছে৷ উল্লেখ্য যে আয়কৰ বিভাগে অভিযান চলাই কংগ্রেছ সাংসদৰ পৰা উদ্ধাৰ কৰা নগদ ধনৰ পৰিমাণে অভিলেখ গঢ়িছে৷ ইয়াৰ পূর্বে কাণপুৰ জি এছ টিয়ে অভিযান চলাই ২৫৭ কোটি টকা ২০১৯ চনত উদ্ধাৰ কৰিছিল৷

You might also like