🔹 কোকৰাঝাৰত বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন
🔹 হিতাধিকাৰীক ২০খন ভ্ৰাম্যমাণ টী ষ্টল বিতৰণ
🔹 বড়োলেণ্ড পৰিবহণ সেৱাৰ চাৰিখন শীত-তাপ নিয়ন্ত্ৰিত বাছ মুকলি
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ডিচেম্বৰ : ২০২০ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০২০ চনৰ ১৫ ডিচেম্বৰত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপিৰ মিত্ৰজোঁটে বিটিআৰত চৰকাৰ গঠন কৰিছিল ৷ সেই উপলক্ষে আজি দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিটিচি চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন অনুষ্ঠান । বৰ্ষপূৰ্তি উপলক্ষে পুৱা বডোফা নগৰস্থিত বিটিআৰ সচিবালয় প্ৰাংগণত বডোফাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে আৰম্ভ কৰে তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে ৷ প্ৰমোদ বড়োৱে বিটিচি সচিবালয়ৰ সকলো বিষয়াক সততাৰ শপত আৰু শান্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি কাৰ্যসূচীৰ স’তে সংগতি ৰাখি শান্তিৰ পতাকা উত্তোলন কৰে বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে ৷ আনপিনে, বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপনৰ সৈতে সংগতি ৰাখি বড়োলেণ্ড পৰিবহণ বিভাগৰ চাৰিখনকৈ নতুন এ চি বাছৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰে দুখন কাৰ্বি আংলঙলৈ আৰু দুখন ধেমাজিলৈ চলাচল কৰিব ৷
বিটিচি সচিবালয়ত এই উপলক্ষে বিশেষ অতিথি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় পশু কল্যাণ পুঁজিৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া আজেদিন ডাউনেছ আৰু ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক বিবেক মেনন। আনহাতে, বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপনৰ স’তে সংগতি ৰাখিয়ে ২০খন ভ্ৰাম্যমাণ টী ষ্টল ২০গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় ৷ শেহতীয়াকৈ উত্তৰাখণ্ডৰ সুৰংগ ভাঙি পৰা কাণ্ডৰ পৰা উদ্ধাৰ হোৱা যুৱক দুজন ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী হিতাধিকাৰীৰ ভিতৰত আছে। ইয়াৰ পিছতে আজি নতুনকৈ শুভাৰম্ভ কৰা এ চি বাছত উঠি প্ৰমোদ বড়োসহ প্ৰায়ভাগ কাৰ্যবাহী সদস্য আৰু বিটিআৰ সচিবালয়ৰ বিষয়াৰ দল দোতমাত উপস্থিত হৈ দোতমাৰ থুলুংগাপুৰীত থকা বডোফাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে । দোতমাৰ পিছত কোকৰাঝাৰৰ ভাটিপাৰাত বডোলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰমোদ বড়ো আৰু অন্যান্য কাৰ্যবাহী সদস্যসকলে ৷ ইপিনে, তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে কয় যে আজি আমি সকলোৱে এখন শান্তিপূৰ্ণ, হিংসাবৰ্জিত বিটিআৰ বৰ্তাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। এখন হিংসাবৰ্জিত সমাজ গঢ়াৰ সংকল্প লৈছোঁ। আমি ভবাতকৈ বহু বেছি ভাল পৰিৱেশ দিছোঁ, সেয়া যাতে ধৰি ৰাখিব পাৰোঁ তাৰ বাবে সকলোৰে সহযোগিতা প্ৰয়োজন । শান্তিৰ বাতাৱৰণ ঘূৰাই অনাৰ ক্ষেত্ৰত অসম আৰু ভাৰত চৰকাৰৰ লগতে সমূহ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰমোদ বড়োৱে ।
পূৰ্বৰ চৰকাৰক কঠোৰ সমালোচনা কৰি প্ৰমোদ বড়োৱে কয় যে শান্তি আৰু নিৰাপত্তাৰ দৰে গুৰুতৰ বিষয়ত পূৰ্বৰ চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিলে। শান্তি থাকিলেহে উন্নয়ন হ’ব, প্ৰগতি আহিব। বিটিচি চৰকাৰে সকলো জাতি-জনগোষ্ঠীক ন্যায় প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰি হিংসামুক্ত বিটিআৰ গঠনত লোৱা সকলোৰে ভূমিকাত কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত সময়ছোৱাতে শান্তি আৰু নিৰাপত্তাৰ ধাৰা বৰ্তাই ৰাখিবলৈ সকলোৰে সহযোগিতা কামনা কৰে। উল্লেখ্য যে বিটিআৰ চৰকাৰৰ আজিৰ বৰ্ষপূৰ্তি কাৰ্যসূচীত বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিধায়ক লৰেঞ্চ ইছলাৰী, কাৰ্যবাহী সদস্য ক্ৰমে গৌতম দাস, ৰেওৰেওৱা নাৰ্জিহাৰী, দাওবৈচা বড়ো, নিলৎ স্বৰ্গীয়াৰী, পাৰিষদ মাধৱ ছেত্ৰী, সজল সিংহ, বিটিআৰৰ সচিবপ্ৰধান আকাশ দ্বীপ উপস্থিত আছিল ৷
প্ৰেৰক শুকুৰ আকন্দ