নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীৰ উপস্থিতিত লক্ষাধিকে কৰিব গীতা পাঠ

🔹 ২৪ ডিচেম্বৰত কলকাতাত অনুষ্ঠান
🔹 ৭০ হাজাৰ মহিলাৰ একেলগে শংখধ্বনি

বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰ : ২০২৪ চনৰ লোকসভা নির্বাচনৰ বাবে ৰণনীতি প্রস্তুত কৰা বিজেপিয়ে পশ্চিমবংগত মমতা বেনার্জীক প্রত্যাহ্বান জনাবলৈ সাজু হৈছে ৷ সেইমর্মে দলটোৱে নিজৰ সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ লগতে বিজেপিৰ প্রতি ৰাজ্যখনৰ নাগৰিকৰ আকর্ষণ বৃদ্ধি কৰাৰ প্রয়াস হিচাপে ২৪ ডিচেম্বৰত কলকাতাৰ ব্ৰিগেড ময়দানত বিশ্ব ৰেকর্ডৰ পৰিকল্পনা কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ব্রিগেড ময়দানত লক্ষাধিক লোকে গীতা পাঠ কৰিব৷ ‘লাখৰ কণ্ঠত গীতা পাঠ’ শীর্ষক কার্যসূচীৰে বিজেপিয়ে চাৰিটাকৈ বিশ্ব অভিলেখ গঢ়াৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ বৰদিনৰ প্রাক্মুহূর্তত ২৪ ডিচেম্বৰত ব্রিগেড ময়দানত প্রধানমন্ত্রীৰ উপস্থিতিত লক্ষাধিক লোকে একেলগে গীতা পাঠ কৰিব৷ এই কার্যসূচীৰ আয়োজক সংগঠনৰ সভাপতি স্বামী প্রদীপ্তানন্দ মহাৰাজে প্রকাশ কৰা মতে, এই ব্রিগেড ময়দানত কেতিয়াও বিশ্ব ৰেকর্ড হোৱা নাই৷ লক্ষাধিক লোক সমৱেত হৈ একেলগে গীতা পাঠ কৰি বিশ্ব ৰেকর্ড গঢ়িব৷ গীতা পাঠেৰে বিশ্ব ৰেকর্ড কৰাৰ লগতে আন তিনিটা ৰেকর্ড হ’ব৷ এই ৰেকর্ড তিনিটাৰ ভিতৰত প্রথমটো হৈছে– এই ময়দানত ৭০ হাজাৰ মহিলাই একেলগে শংখধ্বনি তুলিব৷ ইও হ’ব এক বিশ্ব ৰেকর্ড৷ দ্বিতীয়টো হৈছে– কাজি নজৰুল ইছলামৰ ৰচিত গান একেলগে ৬০ হাজাৰে পৰিৱেশন কৰিব৷ ব্রিগেড ময়দানত ইও হ’ব এক বিশ্ব ৰেকর্ড৷ ইয়াৰ উপৰি ডেৰ হাজাৰ সাধু–সন্তই একেলগে শান্তিস্ত্রোত্র পাঠ কৰিব৷ এই কার্যসূচীৰ জৰিয়তে বিজেপিয়ে বিশ্ব ৰেকর্ড গঢ়িবলৈ চলোৱা প্রস্তুতি সম্পূর্ণ হৈছে৷ ইয়াৰ বাবে ইতিমধ্যে বিশ্বৰ গীনিজ ৱর্ল্ড ৰেকর্ড সংস্থাসহ বিভিন্ন প্রতিষ্ঠানৰ প্রতিনিধি উপস্থিত থাকিব বুলি সন্মতি প্রদান কৰিছে৷ এই অনুষ্ঠানত প্রধানমন্ত্রীৰ উপৰি উপস্থিত থাকিব দ্বাৰকামঠৰ বর্তমানৰ শংকৰাচার্য স্বামী দয়ানন্দ সৰস্বতী৷ এওঁলোকৰ উপস্থিতিত লক্ষাধিক লোকে গীতাৰ প্রথম, দ্বিতীয়, দ্বাদশ, পঞ্চদশ আৰু অষ্টাদশ অধ্যায় পাঠ কৰিব৷ ইয়াৰ বাবে ৰাজ্যখনৰ প্রান্তে প্রান্তে আখৰা চলি আছে৷

You might also like