নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ ২০১২ চনৰ দিল্লীৰ গণ ধর্ষণ আৰু হত্যাত দোষী সাব্যস্ত হোৱা চাৰি যুৱকৰ ৩ মার্চত ফাঁচিৰ হুকুম কার্যকৰী কৰাৰ পূর্বে তেওঁলোকৰ পৰিয়ালৰ সৈতে অন্তিম সাক্ষাৎ সন্দর্ভত তিহাৰ জে’ল কর্তৃপক্ষই পত্র প্রেৰণ কৰিছে ৷ ‘অভিযুক্ত মুকেশ আৰু পবনে কৈছে যে পূর্বৰ ১ ফেব্রুৱাৰীৰ মৃত্যু পৰোৱানাৰ পূর্বে তেওঁলোকে ইতিমধ্যে পৰিয়ালৰ লোকক সাক্ষাৎ কৰিছে৷ অক্ষয় আৰু বিনয়ক সোধা হৈছে যে তেওঁলোকে কেতিয়া পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব ৷’ –তিহাৰ জে’ল কর্তৃপক্ষই সংবাদ মাধ্যমক এইদৰে জানিবলৈ দিয়ে ৷ ইফালে, দিল্লী ক’র্টে শনিবাৰে দিল্লী গণধর্ষণৰ কাণ্ডৰ অন্যতম দোষী বিনয় শর্মাৰ এক আবেদন নাকচ কৰিছে ৷ অধিবক্তা এ পি সিঙে আই এইচ বি এ এছৰ অধীনত বিনয় শর্মাৰ মানসিক ৰোগৰ চিকিৎসাৰ আবেদন দাখিল কৰিছিল ৷ চলিত সপ্তাহৰ প্রথম ভাগত অধিবক্তাজনে আদালতত জনাইছিল যে মানসিক ৰোগ আৰু স্কিজোফ্রেনিয়াত ভুগি থকা বিনয়ে তেওঁৰ লগতে পৰিয়ালৰ লোকক চিনাক্ত কৰিবলৈ অক্ষম হৈছে৷ সেয়ে উচ্চ পর্যায়ৰ চিকিৎসা প্রদানৰ বাবে অধিবক্তাজনে ন্যায়ালয়ত আবেদন জনাইছিল৷ কিন্তু এই অভিযোগ নস্যাৎ কৰি পাব্লিক প্রচিকিউটৰ ইৰফান আহমেদে তিহাৰ জে’লৰ প্রতিনিধিত্ব কৰি জনায় যে অভিযুক্ত বিনয়ে নিজ ইচ্ছাৰে দেৱালত মূৰেৰে খুন্দিয়াই আহত হৈছিল৷ তেওঁ চি চি টিভিৰ ফুটেজো দাখিল কৰে৷ এই আবেদন সন্দর্ভত যুক্তি–তর্কৰ পাছত দিল্লীৰ আদালতে মন্তব্য কৰে যে অভিযুক্তৰ কোনো মানসিক অস্থিৰতাৰ ইতিহাস নাই৷ এনেদৰে আদালতে বিনয় শর্মাৰ আবেদন নাকচ কৰে ৷