নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আশাব্যঞ্জক উত্তৰণৰ লক্ষ্যৰে ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিভাগসমূহত কেতবোৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি অহাৰ সময়তে একাংশ বিভাগত ৰূপায়ণ হৈ থকা কাম-কাজে সৰ্বসাধাৰণক চিন্তিত কৰি তুলিছে ৷ উল্লেখ্য যে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী গাৰোপাৰাত নিৰ্মাণৰত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে ৷ আজাৰা স্বাস্থ্যখণ্ডৰ অধীনৰ উক্ত কেন্দ্ৰটোৰ নতুনকৈ অনুমোদিত গৃহটোৰ নিৰ্মাণকাৰ্য চলি আছে ৷ পিছে গৃহটো মজবুত কৰাৰ ক্ষেত্ৰত যাৱতীয় ফৰ্মূলা ব্যৱহাৰ নকৰাৰ উপৰি মজিয়া অতি নিম্নমানেৰে নিৰ্মাণ কৰাৰ পৰিপ্ৰেক্ষিতত গচকত ভাগি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে৷ স্থানীয় গঞাই জানিবলৈ দিয়া অনুসৰি, গাৰোপাৰা, জয়পুৰ, ছল্লী, ঠেংগাপাৰা
প্ৰেৰক নুৰুল ইছলাম