নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ জিলা চিকিৎসালয়ৰ প্ৰৱেশ পথৰ দুয়োটা দিশত বৃহৎ গাঁত

নিয়মীয়া বাৰ্তা, ২৩  ডিচেম্বৰ : মাজুলী জিলাৰ দুই লাখ জনসাধাৰণৰ চিকিৎসা ক্ষেত্ৰৰ অন্যতম ভৰসা পীতাম্বৰ দেৱগোস্বামী অসামৰিক জিলা চিকিৎসালয়ৰ মূল প্ৰৱেশ পথৰ দুয়োটা দিশত থকা দুটা প্ৰকাণ্ড গাঁতে জনসাধাৰণক চিন্তিত কৰি তুলিছে। জিলা চিকিৎসালয়খনৰ নতুন ভৱনটোৰ মূল প্ৰৱেশ পথটোত থকা এই প্ৰকাণ্ড গাঁত দুটা দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ আছে। চিকিৎসালয়খনলৈ সোমাই আহিলেই উক্ত প্ৰৱেশ পথৰ দুয়োটা দিশত থকা গাঁত দুটাই যিকোনো ভয়াৱহ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে। মাজুলী জিলাৰ মুখ্য চিকিৎসালয়খনলৈ অহা-যোৱা কৰা সকলো ৰোগীৰ বাবে চিকিৎসালয়খনৰ প্ৰৱেশ পথটো বিপজ্জনক হৈ পৰিছে। প্ৰৱেশ পথটোৰ উক্ত দুয়ো দিশৰ গাঁত দুটা চিনাক্তকৰণৰ কোনো চিহ্ন চিকিৎসালয় কৰ্তৃপক্ষই দিয়া নাই। ফলত ৰাতি অহা ৰোগী আৰু অভিভাৱকৰ বাবে প্ৰৱেশ পথৰ গাঁত দুটা বিপজ্জনক হৈ পৰে। উক্ত জিলা চিকিৎসালয়খনলৈ জৰুৰীকালীন অৱস্থাত লৈ অহা ৰোগীৰ গাড়ী, ১০৮ সেৱাৰ এম্বুলেন্স আদিৰ বাবেও চিকিৎসালয়খনৰ প্ৰৱেশ পথৰ উক্ত উন্মুক্ত গাঁত দুটা ভয়াৱহ হৈ পৰিছে। চিকিৎসালয়খনলৈ অহা দ্ৰুতবেগী গাড়ী, মটৰ উক্ত উন্মুক্ত গাঁত দুটাত পৰিব পাৰে। তদুপৰি উক্ত জিলা চিকিৎসালয়খনলৈ নতুনকৈ অহা ৰোগী আৰু অন্যান্যসকলে চিকিৎসালয়খনলৈ ওলোৱা-সোমোৱা বাটটোতে থকা উক্ত অ-সুৰক্ষিত পথটোৰ বাবে প্ৰায়েই বিপদত পৰে। মাজুলীৰ জিলা চিকিৎসালয় কৰ্তৃপক্ষ, মাজুলীৰ জিলা স্বাস্থ্য বিভাগে উক্ত প্ৰৱেশ পথৰ গাঁত দুটা বছৰ বছৰ পূৰাব নোৱাৰাটো চিন্তাৰ বিষয়। মাজুলীৰ ৰাইজে উক্ত প্ৰৱেশ পথৰ গাঁত দুটা অতি সোনকালেই পূৰ কৰি ৰাইজক সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like