🔹 বড়োলেণ্ড পৰিবহণ নিগমৰ অধীনত উপলব্ধ এই সেৱা
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : এবছুকে ধৰি বিভিন্ন বড়ো জাতীয় সংগঠনৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই বি টি চি আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগে জোনাইৰ পৰা কোকৰঝাৰ আৰু কোকৰাঝাৰৰ পৰা জোনাইলৈ পোনপটীয়াকৈ মুকলি কৰিছে দৈনিক বাছসেৱা। শুকুৰবাৰে সন্ধিয়া জোনাই পাব্লিক বাছ আস্থানত জোনাইৰ পৰা “বডোলেণ্ড ট্রেঞ্চপৰ্ট ছাৰ্ভিচ” নামৰ বাছসেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক বদচা ব্রহ্মই। উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে এবছুৰ ধেমাজি জিলা সমিতিৰ উপ-সভাপতি চুৰ্জিত নাৰ্জাৰী, জোনাই আঞ্চলিক সমিতিৰ সভাপতি মনৰাম মুছাহাৰী, ধেমাজি জিলা সাহিত্য সভাৰ উপ-সভাপতি পাণীৰাম দৈমাৰী আদিৰ লগতে UBPO, এবছু, ABWWF জোনাই আঞ্চলিক সমিতিৰ বহু বিষয়ববীয়াৰ লগতে ৰাজাখানা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা সবিতা ইচলাৰী আদিয়ে। উল্লেখ্য যে জোনাইৰ পৰা কোকৰাঝাৰলৈ যাবলগীয়া বাছখন প্রতি দিনা পুৱা ৪.৩০ বজাত জোনাইৰ পৰা যাত্ৰা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।
প্ৰেৰক কৰবী দলে