নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : সমগ্ৰ শিক্ষা লখিমপুৰ জিলা মিছন কাৰ্যালয়ৰ উদ্যোগত ২২ আৰু ২৩ ডিচেম্বৰত ঢকুৱাখনাত জিলা পৰ্যায়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যক প্ৰশিক্ষণ দিবলগীয়া সমল ব্যক্তিৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। নৰ্মাল স্কুল, ঢকুৱাখনাত অনুষ্ঠিত প্ৰশিক্ষণ ২২ ডিচেম্বৰৰ পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়াই। উদ্বোধনী ভাষণত বিষয়াগৰাকীয়ে এখন বিদ্যালয়ৰ শৈক্ষিক, সহ-শৈক্ষিক আৰু অন্যান্য দিশত পৰিচালনা সমিতিৰ দায়িত্ব, কৰ্তব্য আৰু ভূমিকা সম্পৰ্কে আলোচনা আগবঢ়ায় । উক্ত অনুষ্ঠানত নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰে বক্তব্য ৰাখে। আনহাতে, প্ৰথম দিনৰ কাৰ্যসূচীত লখিমপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) ভাস্কৰ জ্যোতি বৰা আৰু লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা সমগ্ৰ শিক্ষাৰ লখিমপুৰ জিলাৰ জিলা মিছন সমন্বয়ক হেমচন্দ্ৰ শইকীয়াই উপস্থিত হৈ সমল ব্যক্তিসকলক উদ্দেশ্যি বক্তব্য ৰাখে। দুয়োজন বিষয়াই এখন শিক্ষানুষ্ঠানৰ সামগ্ৰিক উন্নতিত পৰিচালনা সমিতিৰ সদস্য আৰু সমাজৰ ভূমিকা তথা কৰণীয়, চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণ আদিৰ বিষয়ে আলোচনা আগবঢ়াই প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে । উক্ত দুদিনীয়া প্ৰশিক্ষণত ঢকুৱাখনা শিক্ষাখণ্ডৰ ৩৮টা মণ্ডল সমল কেন্দ্ৰৰ মুঠ ৭৮গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । জিলা পৰ্যায়ৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ আগবঢ়ায় ক্ৰমে হেমন্ত কুমাৰ বৰুৱা, বিদ্যুত চমুৱা, ৰিতু দাস আৰু ৰোহিণী পেগুৱে। একেদৰে ২২ ডিচেম্বৰত ঢকুৱাখনা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ঢকুৱাখনা মহকুমাৰ দুটা শিক্ষাখণ্ড ঢকুৱাখনা আৰু বৰদলনি শিক্ষাখণ্ডৰ ২৮খন বিদ্যালয়ত নিৰ্মাণ কৰিবলগীয়া ই-লাইব্ৰেৰী আৰু নতুন শ্ৰেণীকোঠা সম্পৰ্কেও এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাত অতিৰিক্ত আয়ুক্ত ভাস্কৰজ্যোতি বৰা, বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া আৰু সমগ্ৰ শিক্ষাৰ অভিযন্তা পৰিতোষ ৰয়ে উপস্থিত থাকি ১৬ লাখকৈ টকাৰে নিৰ্মাণ কৰিবলগীয়া ই-লাইব্ৰেৰী নিৰ্মাণ পদ্ধতি, সময়সীমা আদিৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয় আৰু লগতে ই-লাইব্ৰেৰী অনুমোদন পত্ৰও প্ৰদান কৰা হয়।
প্ৰেৰক পুলকজ্যোতি বৰা