🔹 শিক্ষা ব্যৱস্থাৰ উত্তৰণ ঘটাবলৈ প্ৰাথমিক শিক্ষা ব্যৱস্থা সবল কৰিব লাগিব- ড০ সৌমাৰজ্যোতি মহন্ত
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে এনে কিছুমান লক্ষ্য স্থিৰ কৰিছে যাৰ যোগেদি আত্মনিৰ্ভৰ ধাৰাটোৰ যিটো ধাৰণা, তাক সবল কৰাৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে৷ ভাৰতবৰ্ষই আমাৰ মানৱ সম্পদ সঠিকভাৱে গঢ় দিব পৰাকৈ আমি এনেধৰণে শিক্ষাক তৈয়াৰ কৰিব লাগিব, যি শিক্ষাই ভাৰতবৰ্ষৰ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে মানৱ সম্পদ হিচাপে বিবেচনা কৰা যিটো ধাৰা তাক শক্তিশালী কৰি তুলিব লাগিব ৷ সেই উদ্দেশ্যেই এটাৰ পাছত এটাকৈ নতুন শিক্ষা নীতি প্ৰয়োগ কৰা হৈছে৷ শিক্ষাৰ উদ্দেশ্য মহৎ৷ শিক্ষাৰ যোগেদি আমি মন, শৰীৰ, অন্তৰ আৰু আত্মা- আটাইকেইটাৰ বিকাশ ঘটাব লাগিব ৷ আমি এটা শিক্ষা ব্যৱস্থাৰ উত্তৰণ ঘটাব বিচাৰিলে প্ৰাথমিক শিক্ষা ব্যৱস্থাক সবল কৰি তুলিব লাগিব৷– এই মন্তব্য শিৱসাগৰ বাণিজ্য মহাবিদ্যলয়ৰ অধ্যক্ষ তথা অধ্যক্ষ পৰিষদ (অসম)ৰ সভাপতি ড০ সৌমাৰজ্যোতি মহন্তৰ ৷ আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি দুপৰীয়া ১২ বজাৰ পৰা ‘পৰিৱৰ্তিত উচ্চ শিক্ষা ব্যৱস্থা : প্ৰত্যাহ্বান আৰু প্ৰস্তুতি’ সম্পৰ্কে এক শৈক্ষিক আলোচনা সত্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি এইদৰে বক্তব্য প্ৰদান কৰে অধ্যক্ষগৰাকীয়ে ৷ মাজুলী পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন নাথে উদ্বোধন কৰা আলোচনা সত্ৰখন সঞ্চালনা কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াই ৷ মাজুলীৰ ইতিহাস প্ৰসিদ্ধ ৰতনপুৰ অঞ্চলত ১৯৭৩ চনতে প্ৰতিষ্ঠা লাভ কৰা উচ্চ শিক্ষানুষ্ঠানখনৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, আজি পুৱা পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণৰ অন্তত ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ জাহ্নৱী লহকৰ বৰুৱাই ৷
ইয়াৰ পিছতে পুৱা ৯.৩০ বজাত উদযাপন সমিতিৰ সভাপতি তথা মাজুলীৰ বিধায়ক ভুবন গামে সোণালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন কৰাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা পঞ্চাশখন পতাকা উত্তোলন কৰা হয় ৷ পুৱা ৯.৪৫ বজাত জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন্দ্ৰ দেৱ গোস্বামীয়ে শ্বহীদ তৰ্পণ কৰাৰ পাছত পুৱা ১০ বজাত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ফণীধৰ টাহুৱে ৷ পুৱা ১০.৩০ বজাত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে নিৰ্মাণ কৰি উলিওৱা তোৰণ উন্মোচন কৰে বিধায়ক ভুবন গামে, পুৱা ১১ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱ কুমাৰ গামে ৷ পুৱা ১১.৩০ বজাত চিত্ৰশিল্পী শিৰোমণি দলেই নাসিক চিত্ৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে। বিয়লি ১.৩০ বজাৰ পৰা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি উমেশ শইকীয়াৰ সভাপতিত্বত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়৷ অন্তৰংগ আলাপ অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ সঞ্জীৱ কুমাৰ দত্ত, বুদ্ধেশ্বৰ খাউণ্ড, গোবিন কুমাৰ খাউণ্ড, লক্ষ্যজিৎ দলে, অৰবিন্দ্ৰ ঘোষ আদিয়ে ভাগ লয়৷ অনুষ্ঠানৰ মাজতে ৰীতা বৰদলৈ আৰু যোগেন হাজৰিকাই পৰিৱেশন কৰা গীতে অন্তৰংগ আলাপ অনুষ্ঠানটো মধুৰ কৰি তোলে৷ উক্ত অনুষ্ঠানতে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অৱসৰপ্ৰাপ্ত অধ্যাপক, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু কৰ্মৰত অধ্যক্ষ, অধ্যাপক আৰু কৰ্মচাৰীসকলক প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে মহাবিদ্যালয়খনৰ পৰা বিশেষ খ্যাতি লাভ কৰা শিক্ষাৰ্থীকো সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া৷ ইয়াৰ পিছতে সন্ধ্যা ৬ বজাত মাজুলী জিলাৰ আয়ুক্ত ড০ কাবেৰী বি শৰ্মাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলিয়ে গীত পৰিৱেশন কৰে৷ ইফালে, দ্বিতীয় দিনাৰ মুকলি সভাৰ কাৰ্যসূচীত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে৷
প্ৰেৰক ৰূপজ্যোতি বৰা