নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ভিন্ন প্ৰান্তত অবাধ বালি খননৰ অভিযোগ

🔹 বন বিভাগৰ ভূমিকাক লৈ প্ৰশ্নচিহ্ন

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : ধুবুৰীৰ পাৰ্শ্বৱৰ্তী বিভিন্ন নৈপৰীয়া অঞ্চলকে ধৰি চহৰখনৰ নিকটৱৰ্তী একাংশ চৰাঞ্চলত চলিছে এতিয়া অবাধে বালি খনন। খৰালিত বৰলুইতৰ জলস্তৰ কমি সৃষ্টি হোৱা বিস্তীৰ্ণ বালিচৰৰ সুযোগ গ্ৰহণ কৰি একাংশ নামি পৰিছে বালিৰ অবৈধ ব্যৱসায়ত। বিগত ২/৩ মাহৰ পৰা পুৱা আৰু নিশাৰ ভাগত কেইটামান বিশেষ অঞ্চলৰ পৰা ধুবুৰী চহৰলৈ দৈনিক অহা শতাধিক বালিবাহী ট্ৰেক্টৰৰ অধিকাংশৰে চালানৰ বৈধতাক লৈও প্ৰশ্ন উত্থাপিত হোৱা পোৱা গৈছে। ফলত স্বাভাৱিকভাৱেই বন বিভাগৰেই একাংশৰ সহযোগত ধুবুৰীত সংগঠিত ৰূপত বালিৰ অবৈধ ব্যৱসায় আৰম্ভ হোৱা বুলি বু বু-বা বাও আৰম্ভ হৈছে। কিন্তু ধুবুৰী তথা সমগ্ৰ জিলাখনত চলি থকা অবৈধ বালি খননৰ ফলত অসম চৰকাৰে দৈনিক হেৰুৱাবলগীয়া হৈ আছে বৃহৎ অংকৰ ৰাজহ আৰু তাৰেই পৰিপ্ৰেক্ষিতত বালিৰ অবৈধ খননৰ সৈতে জড়িত চক্ৰবোৰক নাকী লগোৱাৰ প্ৰয়োজনীয়তা থকা বুলি উচ্চাৰিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like