নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচা গামে ভাৰতবৰ্ষত চাহৰ বীজ ৰোপণৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন

🔹 মাৰ্ঘেৰিটাৰ ল’জত দেশী-বিদেশী অতিথিৰ উপস্থিতিত গাম্ভীৰ্যপূৰ্ণ আলোচনা-চক্ৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : বিচা গামে ভাৰতবৰ্ষত চাহ উদ্যোগৰ বীজ ৰোপণৰ ২০০ (দুশ) বছৰীয়া জয়ন্তী উদযাপন মাৰ্ঘেৰিটা ইনথং চিংফৌ ইক লজ’ৰ সভাকক্ষত আজি অনুষ্ঠিত হয়। আদৰণী ভাষণ আগবঢ়ায় চিংফৌ জাতীয় পৰিষদৰ উপ-সভাপতি গৌৰী চিংনেন আৰু অনুষ্ঠানটিৰ আঁ‌ত ধৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাণা চাংমাইয়ে। অনুষ্ঠানৰ পূৰ্বে বিচা গামৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট অতিথি যোৰাহাট চাহ গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড° প্ৰদীপ বৰুৱা, অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক চৰিত কুমাৰ চৌধাৰী, আমেৰিকাৰ অতিথি ব্ৰাংলী মৰাণসহ কেইবাগৰাকী অতিথিয়ে। বিচা গামে ভাৰতবৰ্ষত চাহ উদ্যোগৰ বীজ ৰোপণৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ আলোচনা-চক্ৰৰ আৰম্ভণিতে এক কোৰাচ পৰিৱেশন কৰে দিনচান দিয়াঙৰ চিংফৌ কিশোৰীৰ দলে। অসম গৌৰৱ বঁ‌টাৰে সন্মানিত মানজে লাই এই আলোচনা-চক্ৰত ভাগ লৈ চিংফৌ চাহৰ বুৰঞ্জী সম্পৰ্কে অৱগত কৰি কয় যে অসমত চাহগছৰ আৱিষ্কাৰক হিচাপে বুৰঞ্জীত ৰবাৰ্ট ব্ৰুচকহে কৃতিত্ব দিলে, এই কথা ঠিক যে চিংফৌৰ বিচা ৰজা আৰু নিংৰুলাও এই কৃতিত্বৰ সমান অধিকাৰী৷ ৰবাৰ্ট ব্ৰুচে বিচা ৰজাক লগ নোপোৱা হ’লে অসমত চাহ উদ্যোগ গঢ়ি উঠিল হয় নে নাই, তাত সন্দেহ আছে ৷ এই দুই চিংফৌৰ অৱদানৰ বাবেই অসম আজি চাহৰ বাবে বিশ্বত পৰিচিত৷ চিংফৌসকলে যে কেৱল হাবিৰ মাজত হোৱা চাহগছৰ পৰাহে চাহপাত সংগ্ৰহ কৰিছিল এনে নহয়, ব্ৰিটিছে বাগিচা খোলাৰ বহু আগৰে পৰা নিজৰ বাৰীত চাহগছ ৰুই প্ৰয়োজনীয় চাহ উৎপাদন কৰি লৈছিল৷ ‘ফালাপ নুমফাং’ অৰ্থাৎ চাহ গছৰ কোমল পাতবোৰ তুলি আনি ৰ’দত শুকুৱাই, খুন্দি বাঁহৰ চুঙাত ভৰাই জুহালৰ কাষত থৈ দিয়ে ৷ এনেদৰে ৰখা চাহপাত ৬-৭ বছৰ পৰ্যন্ত ব্যৱহাৰৰ উপযোগী হৈ থাকে ৷ গুণাগুণ নষ্ট নহয়। অন্যহাতে নিংৰুলাই ১৮৩৮ চনতেই এই অঞ্চলৰ পৰা ৯৫ বাকচ চাহ প্ৰস্তুত কৰি বিদেশলৈ প্ৰেৰণ কৰিছিল বুলি উল্লেখ কৰে। ড° প্ৰদীপ বৰুৱাই ভাষণ প্ৰসংগত অসমৰ চাহ বৰ্তমানে বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ পৰিছে বুলি কয়। লগতে বিশ্বৰ বিভিন্ন প্ৰজাতিৰ চাহৰ বিষয়ে উপস্থিত ৰাইজক স্থিৰচিত্ৰৰ জৰিয়তে অৱগত কৰে। লিডুত চিংফৌ চাহ আৰু চিংফৌ সংস্কৃতিৰ সমন্বয়ৰে এক ভিলেজ মিউজিয়াম স্থাপনৰ এক পৰিকল্পনা কৰিবৰ বাবে চিংফৌ ৰাইজক আহ্বান জনায় অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক চৰিত কুমাৰ চৌধাৰীয়ে। আলোচনা-চক্ৰৰ মাজতেই উদ্যোক্তাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ক্ৰমে বিচাগামৰ হৈ বিচাগামৰ পৰিনাতি বিচা নং চিংফৌক, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ জনজাতীয় পৰিক্ৰমা বিভাগৰ অধ্যাপক ৱাংলিন মুংচান, অ’ জি এল দুলীয়াজনৰ মহাপ্ৰবন্ধক পি বি বৰুৱা, সহকাৰী প্ৰবন্ধক সোকান্ত মানলাইসহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে চিংফৌ জাতীয় পৰিষদৰ সভাপতি-সম্পাদক, মহকুমা কৃষি বিষয়া বিনয় ডেকা, বিশিষ্ট চাহ খেতিয়ক ৰাজেশ চিংফৌ, অৰুণাচলৰ প্ৰদেশৰ এছ ডি এছৰ সচিবপ্ৰধান অংয়ুন মাইঅসহ কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like