🔹 মানকাচৰ আৰক্ষীয়ে গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে হোছেইনক
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : যোৱা ১৯ অক্টোবৰত মানকাচৰৰ ওখৰাবাৰীত এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ মৃতদেহ জোঁৱায়েকৰ ঘৰৰ মজিয়াত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। হত্যাৰ সন্দেহ কৰি পৰিয়ালৰ লোকে মহিলাগৰাকীৰ জোঁৱায়েক মনোৱাৰ হোছেইনৰ বিৰুদ্ধে মানকাচৰ থানাত গোচৰ ৰুজু কৰিছিল। তেতিয়াৰ পৰা মানকাচৰ আৰক্ষীয়ে মূল অভিযুক্ত মনোৱাৰ হোছেইনক বিচাৰি আছিল। উল্লেখ্য যে মানকাচৰ থানাৰ অন্তৰ্গত উৰুৱামাৰী গাঁৱৰ জামিলে খাতুন নামৰ বৃদ্ধা মহিলা এগৰাকী ওখৰাবাৰী গাঁৱৰ জোঁৱায়েক মনোৱাৰ হোছেইনৰ ঘৰলৈ যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছিল। পিছত ১৯ অক্টোবৰত মানকাচৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ওখৰাবাৰী গাঁৱৰ মনোৱাৰ হোছেইনৰ ঘৰৰ ভিতৰত পুতি থোৱা অৱস্থাত বৃদ্ধাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছিল। তেতিয়াৰ পৰা মনোৱাৰ হোছেইনে পলাতক হৈ আছিল। কালি মানকাচৰ আৰক্ষীয়ে গুৱাহাটীৰ হাতীগাঁৱৰ পৰা হাতীগাঁও আৰক্ষীৰ সহযোগত শাহু হত্যাকাৰী মনোৱাৰ হোছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি হত্যাকাৰী মনোৱাৰ হোছেইনক মানকাচৰ আৰক্ষী থানালৈ লৈ আহে। হত্যাকাৰী মনোৱাৰ হোছেইনে শাহুৱেকক হত্যা কৰা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে। আজি হত্যাকাৰীটোক হাটশিঙিমাৰী ন্যায়িক আদালতলৈ প্ৰেৰণ কৰে।
প্ৰেৰক ফাৰহাদ আহমেদ