নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত কনিষ্ঠ কৃষি বিষয়া সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন-মহাৰজত জয়ন্তীৰ লাইখুঁটা স্থাপন

বাৰ্তা ব্যুৰো, ২৫ ডিচেম্বৰ : চাৰিজনকৈ প্ৰগতিশীল কৃষকৰ উপস্থিতিত জিলাখনৰ বিভিন্ন কৃষি উৎপাদনকাৰী কৃষক, জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী, কনিষ্ঠ কৃষি বিষয়া সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজৰ সহযোগত ২৭, ২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু মহাৰজত জয়ন্তীৰ আজি লাইখুঁটা স্থাপন কৰা হয় মৰিগাঁও মহাবিদ্যালয় খেলপথাৰৰ আদৰ্শ কৃষক প্ৰয়াত শিশুৰাম হাজৰিকাৰ সমন্বয় ক্ষেত্ৰত। খোল-তাল, দেৱবাদ্য, মাংগলিক নীতি-নিয়মেৰে এক উৎসৱমুখৰ পৰিৱেশত আদৰ্শ কৃষক প্ৰয়াত শিশুৰাম হাজৰিকাৰ সমন্বয় ক্ষেত্ৰত সহকাৰী আয়ুক্ত মৃগনাভ দাস, প্ৰগতিশীল ৪গৰাকী কৃষক যজ্ঞোৰাম নাথ, বুবুল পাটৰ, দেৱৰাম বৰদলৈ, নৰেন ডেকাৰ লগতে অৱসৰপ্ৰাপ্ত কৃষি বিষয়া লক্ষীনাৰায়ণ দেৱ মিশ্ৰ, জিলা কৃষি বিষয়া অশোক শৰ্মাৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়। মহাৰজত জয়ন্তীৰ আদৰণী সমিতিৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা লাইখুঁটা স্থাপন অনুষ্ঠানত কনিষ্ঠ কৃষি বিষয়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বুদ্ধ কুমাৰ নাথ, সম্পাদক গোপাল হাজৰিকা, আদৰণী সমিতিৰ সভাপতি ৰাজেন ডেকা, জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিশিষ্ট ব্যক্তি, কৃষক, দল-সংগঠনৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া মহাৰজত জয়ন্তীত কৃষকসকলক অগ্ৰাধিকাৰ প্ৰদানেৰে কৃষকৰ প্ৰশিক্ষণ, কৃষি বিষয়ক আলোচনা-চক্ৰ, প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা, প্ৰতিনিধি সভা, বিষয়বাছনি সভা, থলুৱা-জনজাতীয় খাদ্য সম্ভাৰকে ধৰি বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসৃচীও সামৰি লোৱা হৈছে। ইফালে, আজি লাইখুঁটা স্থাপনৰ পিছতেই অনুষ্ঠিত হয় সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। কেন্দ্ৰীয় সমিতিৰ সভাপতি বুদ্ধ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত আগন্তুক মহাৰজত জয়ন্তী উৎসৱ সফলভাৱে উদযাপনৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে। তদুপৰি সভাই কৃষকসকল উপকৃত হোৱাকৈ আৰু কৃষকৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহ কৃষকৰ মাজলৈ নিয়াৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like