নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএছ ত্যাগ লখিমপুৰৰ এছপি আনন্দ মিশ্রৰ

🔹 মুখ্য সচিবলৈ পত্র
🔹 ‘মুক্ত জীৱন’ৰ স্বার্থত নিঃচর্ত পদত্যাগ : ১৬ জানুৱাৰীৰ পৰা কার্যকৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ডিচেম্বৰ : আকস্মিকভাৱে ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ)ৰ পৰা পদত্যাগ কৰিছে লখিমপুৰৰ আৰক্ষী অধীক্ষক (এছপি) আনন্দ মিশ্রই৷ অহা ১৬ জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ তেওঁ ৰাজ্যৰ মুখ্য সচিবলৈ পদত্যাগ পত্র প্রেৰণ কৰিছে৷ যোৱা ১৮ ডিচেম্বৰত প্রেৰণ কৰা পদত্যাগ পত্রখনত আনন্দ মিশ্রই উল্লেখ কৰা অনুসৰি সমাজসেৱাৰ জৰিয়তে এক স্বতন্ত্র আৰু স্বাধীন জীৱন কটোৱাৰ বাবে তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰিব বিচাৰিছে৷ তদুপৰি ভাৰতীয় আৰক্ষী সেৱাৰ পৰিসৰৰ বাহিৰত থাকি তেওঁ আন ধৰণে এক মুক্ত জীৱন কটাব বিচাৰে৷ সেয়েহে এই সেৱাৰ পৰা তেওঁক মুক্ত কৰি দিয়াৰ বাবে পদত্যাগ পত্র গ্রহণ কৰিবলৈ মুখ্য সচিবক আহ্বান জনাইছে৷ লগতে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে তেওঁ লাভ কৰিবলগীয়া ধনৰাশি মুকলি কৰি দিয়াৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈও মুখ্য সচিবক অনুৰোধ জনাইছে৷ উল্লেখ্য যে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে কর্মৰত হৈ থকা আনন্দ মিশ্রক শেহতীয়াকৈ মণিপুৰত সংঘটিত সংঘর্ষৰ তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধানকাৰী গোটত অন্তর্ভুক্ত কৰা হৈছিল৷ এই অতিৰিক্ত দায়িত্ব লাভ কৰাৰ পাছতে তেওঁ মণিপুৰৰ সংঘর্ষৰ তদন্তত কর্তব্যৰত হৈ আছে৷

You might also like