নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ মূৰ্কংচেলেক টাউন হাইস্কুলত ৰাইজৰ উৎসৱ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : প্ৰতি বছৰৰ দৰে এইবাৰো জোনাই মূৰ্কংচেলেক টাউন হাইস্কুল প্ৰাংগণত বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ৰাইজৰ উৎসৱ৷ জোনাই বজাৰ সমল কেন্দ্ৰৰ অৰ্ন্তগত মূৰ্কংচেলেক টাউন হাইস্কুল, গিনে মহমৰা প্ৰাথমিক বিদ্যালয়, মহমৰা প্ৰাথমিক বিদ্যালয়, ২নং মহমৰা প্ৰাথমিক বিদ্যালয়, তৰাজান প্ৰাথমিক বিদ্যালয়, বালিজান প্ৰাথমিৰ বিদ্যালয়, জোনাই টাউন প্ৰাথমিক বিদ্যালয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয় আৰু জোনাই টাউন হিন্দী প্ৰাথমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ লগতে ৰাইজৰ অংশগ্ৰহণেৰে বুধবাৰে অনুষ্ঠিত কৰা হয় ৰাইজৰ উৎসৱ৷ এই ৰাইজৰ উৎসৱৰ যোগেদি ৯খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা, প্ৰতিভাৰ বিকাশ ঘটোৱা, সমন্বয়ৰ আদান-প্ৰদান কৰা, ভাতৃত্ববোধ গঢ় দিয়াৰ বাবে এক প্ৰচেষ্টা গ্ৰহণ কৰা হয়৷ আজি অনুষ্ঠিত হোৱা ৰাইজৰ উৎসৱ কাৰ্যসূচীৰ আৰম্ভণিতে মূৰ্কংচেলেক টাউন হাইস্কুল প্ৰাংগণৰ পৰা বাৰেৰহণীয়া এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ ইয়াৰ উপৰি ৰাইজৰ উৎসৱত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উঠা-বহা খেল, নাম পৰিৱেশন, মিউজিকেল চেয়াৰ, হাঁহ ধৰা, বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰ লগতে অভিভাৱকসকলৰ মাজত ৰছী টনা আদি নানা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ মূৰ্কংচেলেক হাইস্কুল প্ৰাংগণত জোনাই বজাৰ সমল কেন্দ্ৰৰ বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত কৰা এই ৰাইজৰ উৎসৱত মুখ্য অতিথি ৰূপে জোনাই শিক্ষাখণ্ডৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, আমন্ত্ৰিত অতিথি ৰূপে মূৰ্কংচেলেক খণ্ড শিক্ষা বিষয়া প্ৰেমনাথ দলেৰ লগতে কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকে অংশগ্ৰহণ কৰে৷

প্ৰেৰক কৰবী দলে

You might also like