নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীক আঘাত কৰাৰ ভুল নকৰিব : জম্মু–কাশ্মীৰত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং

🔹 মাছৰত আলম নেতৃত্বাধীন জম্মু–কাশ্মীৰ মুছলিম লীগক নিষিদ্ধ ঘোষণা গৃহ মন্ত্রালয়ৰ

বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰ : সেনাই সোধা–পোছাৰ বাবে আটক কৰা তিনি সাধাৰণ নাগৰিকৰ মৃত্যুক লৈ উত্তপ্ত জম্মু–কাশ্মীৰত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ কেন্দ্রীয়শাসিত অঞ্চলটোত পুঞ্চ জিলাত সন্ত্রাসবাদীয়ে সেনাৰ কনভয়ত আক্রমণ কৰাত পাঁচ জোৱান শ্বহীদ হোৱাৰ পাছত সেনাই তিনি সাধাৰণ নাগৰিকক আটক কৰাৰ পাছত সেই তিনি নাগৰিকৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে৷ ইয়াৰ পাছতে কেন্দ্রীয়শাসিত অঞ্চলটোত সেনাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন সংগঠনৰ প্রতিবাদত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আজি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং জম্মু–কাশ্মীৰত উপস্থিত হৈ ঘটনাৰ বিতং তথ্যৰ বুজ লয়৷ ইয়াৰ পাছতে সেনাক প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে দেশবাসীক আঘাত কৰা ভুল নকৰিবলৈ নির্দেশ দিয়ে৷ দুদিন পূর্বে সেনাৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডেই অঞ্চলটো ভ্রমণ কৰাৰ পাছত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে আজি ভ্রমণৰ সময়ত সেনাৰ শীর্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকৰ সময়তে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে সাধাৰণ নাগৰিকক আঘাত কৰিব পৰা কোনো ভুল নকৰিবলৈ সতর্ক কৰি দিয়ে৷ ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সন্ত্রাসবিৰোধী আইন ইউএপিএৰ অধীনত মাছৰত আলম নেতৃত্বাধীন জম্মু আৰু কাশ্মীৰ মুছলিম লীগক নিষিদ্ধ ঘোষণা কৰে৷ বিচ্ছিন্নতাবাদী নেতা চৈয়দ আলী শ্বাহ গিলানী নেতৃত্বাধীন অল ইণ্ডিয়া হুৰিয়ত কনফাৰেন্সৰ অন্তর্ৱৰ্তীকালীন অধ্যক্ষ মাছৰত আলম নেতৃত্বাধীন জম্মু–কাশ্মীৰ মুছলিম লীগৰ সদস্যসকল ৰাষ্ট্রবিৰোধী আৰু জম্মু কাশ্মীৰত বিচ্ছিন্নতাবাদী কার্যকলাপত জড়িত থকাৰ বাবে এই সংগঠনটোক পাঁচ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হয়৷ কেন্দ্রীয়শাসিত অঞ্চলটোত ইছলামিক শাসন প্রতিষ্ঠাৰ বাবে উক্ত সংগঠনটোৱে কার্যকলাপ অব্যাহত ৰখাৰ সমান্তৰালকৈ ৰাষ্ট্রবিৰোধী কার্যকলাপতো সমর্থন জনাই আহিছে৷ এনে পৰিপ্রেক্ষিততে সংগঠনটোক নিষিদ্ধ ঘোষণা কৰা হৈছে বুলি গৃহমন্ত্রী শ্বাহে ঘোষণা কৰিছে৷

You might also like