নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত ভয়াৱহ আক্রমণ ইজৰালীৰ সেনাৰ

🔹 ২৪ ঘণ্টাত ২৫০তকৈ অধিক লোকৰ মৃত্যু

বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰ : ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদ, ইছলামিক দেশ আৰু আমেৰিকা যুক্তৰাষ্ট্রই আহ্বান জনোৱাৰ পাছতো গাজাত আক্রমণ অব্যাহত ৰাখিছে ইজৰাইলে৷ যোৱা ৭ অক্টোবৰৰ পৰা আক্রমণেৰে গাজা বিধ্বস্ত কৰাৰ সমান্তৰালকৈ স্থলভাগেৰে ইজৰাইলী সেনাই হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে৷ এতিয়ালৈকে ইজৰালী সেনাৰ আক্রমণত ২০ সহস্রাধিক পেলেষ্টাইনী নিহত হোৱাৰ লগতে ৫০ সহস্রাধিক আহত হৈছে৷ যোৱা ২৪ ঘণ্টাত ইজৰাইলী সেনাৰ আক্রমণত ২৫০তকৈ অধিক পেলেষ্টাইনী নিহত হোৱাৰ লগতে ৩৮০জন আহত হৈছে৷ গাজাৰ স্বাস্থ্য মন্ত্রালয়ে এই তথ্য প্রকাশ কৰিছে৷ ১১ সপ্তাহ ধৰি হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে প্রচণ্ড আক্রমণ চলাই থকা ইজৰালী সেনাই ৰাষ্ট্রসংঘই গাজাত যুদ্ধবিৰতিৰ বাবে জনোৱা আহ্বান প্রত্যাখ্যান কৰাই নহয়, মৈত্রী ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রৰ আহ্বানকো নেওচি গাজাত হামাছৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰি তুলিছে৷ যোৱা ২৪ ঘণ্টাত ইজৰাইলী সেনাই হামাছ সন্ত্রাসবাদীৰ ১০০তকৈ অধিক ঘাটিত আক্রমণ চলাইছে৷ এই আক্রমণত কেইবাটাও অট্টালিকা বিধ্বস্ত হোৱাৰ লগতে আত্মগোপন কৰি থকা সুৰংগও ক্ষতিগ্রস্ত হৈছে৷ এই আক্রমণৰ ফলত ২৫০তকৈ অধিক লোক নিহত হয়৷ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৱে হামাছ সন্ত্রাসবাদীক সমূলঞ্চে বিনাশ নকৰালৈকে আক্রমণ চলি থাকিব বুলি হুংকাৰ দিছে৷ ইপিনে, কালি ভাৰতৰ ৰাজধানী নতুন দিল্লীস্থ ইজৰালৰ ৰাষ্ট্রদূতৰ কার্যালয়ৰ সন্মুখত সন্দেহজনক বোমা বিস্ফোৰণ ঘটনা আৰু পৰিত্যক্ত স্থানত ইজৰাইলক সকীয়নি দি পত্র পেলাই থোৱা ঘটনাৰ পাছতে ভাৰতত থকা ইজৰাইলী নাগৰিকসকলক জাননী জাৰি কৰিছে৷ ইজৰাইলী নাগৰিকসকলক ভাৰতৰ স্থান ভ্রমণ কৰাৰ সময়ত বিশেষ সতর্কতা অৱলম্বন কৰিবলৈ জাননীযোগে নির্দেশ দিয়াৰ লগতে অনাহকত দেশখনৰ কোনো স্থান ভ্রমণ নকৰিবলৈও সকীয়াই দিছে৷

You might also like