নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নমস্তে ট্ৰাম্পঃ সাজু ম’টেৰা

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ সোমবাৰে ভাৰতত উপস্থিত হ’ব বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । বিশ্ববাসীৰ দৃষ্টি  নিবদ্ধ হৈ থকা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দুদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় চৰ্চা হ’ব । মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোডীৰ ‘সংৰক্ষিত আলোচনা’ত স্থান পাব পাৰে ব্যাপক চৰ্চিত নাগৰিকত্ব সংশোধনী আইন (কা), ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী  আৰু কাশ্মীৰ প্ৰসংগই । মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত ভ্ৰমণৰ সময়ত প্রধানমন্ত্রী মোদীৰ সৈতে কি কি বিষয়ত আলোচনা কৰিব, সেই সন্দর্ভত স্পষ্টকৈ উল্লেখ কৰা নাই যদিও চর্চা মতে ‘কা’, এন আৰ চি, কাশ্মীৰৰ লগতে শক্তি, কৌশলগত আৰু প্রতিৰক্ষা, সন্ত্রাসবাদবিৰোধী সহযোগিতা আৰু বাণিজ্যক লৈ আলোচনা হ’ব ৷ শনিবাৰে হোৱাইট হাউছে প্রকাশ কৰা মতে, প্রধানমন্ত্রী মোদীৰ সৈতে হোৱা আলোচনাত ৰাষ্ট্রপতি ট্রাম্পে ধর্মীয় স্বাধীনতাৰ বিষয়টো উত্থাপন কৰিব৷ এই ধর্মীয় স্বাধীনতাৰ বিষয়টোত কি কি অন্তর্ভুক্ত হ’ব, সেয়া উল্লেখ নকৰিলেও বিশ্বজুৰি চর্চিত ‘কা’ আৰু এন আৰ চিৰ প্রসংগই আলোচনাত স্থান পাব পাৰে৷ হোৱাইট হাউছে প্রকাশ কৰা মতে, ভাৰতৰ গণতান্ত্রিক পৰম্পৰা আৰু প্রতিষ্ঠানক সন্মান জনাই অহা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিগৰাকীয়ে তেওঁৰ ভ্রমণসূচীতো সেই পৰম্পৰা অব্যাহত ৰাখিব৷ সার্বজনীন প্রমূল্যবোধক গুৰুত্ব আৰোপ কৰি দেশখনৰ গণতান্ত্রিক পৰম্পৰা আৰু প্রতিষ্ঠানসমূহক সঠিক ৰূপত বর্তাই ৰাখিবলৈ উৎসাহ যোগাব৷ ৱাশ্বিংটনক উদ্বিগ্ণ কৰা বিষয়সমূহ নিশ্চয়কৈ উত্থাপন কৰা হ’ব৷ লক্ষণীয় যে ভাৰত ভ্রমণৰ পূর্বে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে প্রধানমন্ত্রী মোদীক ভূয়সী প্রশংসা কৰি থাকিলেও দেশখনৰ সৈতে কেনেধৰণৰ চুক্তি স্বাক্ষৰিত কৰিব, সেই সন্দর্ভত এতিয়ালৈকে স্পষ্টকৈ একো কোৱা নাই৷ আনকি টুইটযোগে ট্রাম্পে বাণিজ্যক লৈ ভাৰতৰ  বিৰুদ্ধে বিৰূপ মন্তব্য কৰাহে প্রতিফলিত হৈছে৷ সপত্নীক ভাৰত ভ্রমণলৈ আহিবলগীয়া মার্কিন ৰাষ্ট্রপতিগৰাকীৰ লগত ১২জনীয়া উচ্চ পর্যায়ৰ প্রতিনিধি দল থাকিব৷ শক্তিখণ্ডক উজ্জীৱিত কৰিবলৈ ভাৰতে আমেৰিকাৰ সৈতে চুক্তি কৰাৰ লগতে প্রতিৰক্ষা খণ্ডতো দেশখনৰ সৈতে চুক্তি কৰিব পাৰে নতুন দিল্লীয়ে৷ আনপিনে সন্ত্রাসবিৰোধী অভিযানত সহযোগিতা আৰু চোৰাংচোৱা তথ্য বিনিময়ৰ ক্ষেত্রত দুয়ো দেশে বুজাবুজিৰ চুক্তি সম্পন্ন কৰিব পাৰে৷ এনেদৰে মার্কিন ৰাষ্ট্রপতিগৰাকীৰ ভ্রমণৰ সময়ছোৱাত দুয়ো দেশৰ মাজত বাণিজ্যত সৰু পেকেজৰ চুক্তিৰ বাবে ভাৰত সাজু হৈ আছে যদিও ট্রাম্প প্রশাসনে বৃহৎ বাণিজ্য চুক্তি কৰিবলৈ আগ্রহী৷ মার্কিন ৰাষ্ট্রপতিগৰাকীক আদৰণি জনাবলৈ ইতিমধ্যে আহমেদাবাদৰ পৰা আগ্রাৰ তাজমহল, দেশৰ ৰাজধানী দিল্লীত অংশগ্রহণ কৰিবলগীয়া কার্যসূচীৰ স্থান আটকধুনীয়াকৈ সজাই তোলা হৈছে৷ দেশীয়ভাৱে নির্মিত ড্র’ন পদ্ধতিৰ প্রয়োগেৰে নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰি থকা হৈছে৷ ২৪ ফেব্রুৱাৰীত ভাৰতত উপস্থিত হোৱাৰ পাছতেই ৰাষ্ট্রপতি ট্রাম্পে আহমেদাবাদ বিমানবন্দৰৰ পৰা সবৰমতি আশ্রমলৈ বিশাল ৰোড শ্ব’ত অংশ ল’ব৷ প্রধানমন্ত্রী মোদীৰ সৈতে ট্রাম্পৰ প্রায় ৯ কিলোমিটাৰজোৰা বিশাল ৰোড শ্ব’ত পথৰ দুয়োকাষে দেশৰ সাংস্কৃতিক ঐতিহ্য পৰিৱেশন কৰিব৷ উক্ত দিনাই ম’টেৰাত বিশ্বৰ বৃহত্তম ক্রিকেট ষ্টেডিয়াম চর্দাৰ বল্লভভাই পেটেল ষ্টেডিয়ামখন উদ্বোধন কৰিব মার্কিন ৰাষ্ট্রপতি ট্রাম্পে৷ এই ষ্টেডিয়ামতে আয়োজন কৰা হ’ব ‘নমস্তে ট্রাম্প’৷ সাজু হৈছে ম’টেৰাৰ ষ্টেডিয়াম৷ আমেৰিকা যুক্তৰাষ্ট্রৰ হিউষ্টনতজনপ্রিয় হোৱা ‘হাউডি মোদী’ৰ আর্হিত আহমেদাবাদৰ চর্দাৰ বল্লভভাই পেটেল ষ্টেডিয়ামত আয়োজিত ‘নমস্তে ট্রাম্প’ কার্যসূচী সফল হ’ব বুলি আশা ব্যক্ত কৰিছে ‘হাউডি মোদী’ৰ আয়োজকসকলে৷ ‘নমস্তে ট্রাম্প’ কার্যসূচীৰ সফলতাই ভাৰত–আমেৰিকাৰ সম্পর্ক অধিক শক্তিশালী হোৱাত সুযোগ দিব বুলিও আশা ব্যক্ত কৰিছে আয়োজকসকলে৷ ডেৰ লাখ লোক সমৱেত হ’বলগীয়া ‘নমস্তে ট্রাম্প’ কার্যসূচীক লৈ ইতিমধ্যে দেশৰ লগতে বিশ্ববাসীৰ উছাহ বৃদ্ধি পাইছে৷ এই কার্যসূচীত ভাৰত আৰু আমেৰিকাৰ নাগৰিকে অংশগ্রহণ কৰিব৷ আনপিনে ভাৰত ভ্রমণলৈ অহাৰ দুদিন পূর্বে আজি টুইটযোগে ৰাষ্ট্রপতি ট্রাম্পে বলীউডৰ ছবি ‘শুভ মংগল জ্যাদা সাৱধান’ শীর্ষক ছবিখনৰ প্রশংসা কৰিছে৷ সমকামী চৰিত্রৰ কাহিনীৰে নতুন প্রজন্মৰ জনপ্রিয় তাৰকা আয়ুস্মান খুৰানা অভিনীত ছবিখনক লৈ মানৱ অধিকাৰ কর্মী তথা এলজিবিটিটিউ কর্মী পিটাৰ টাটচেলে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা টুইট এটাত ৰি-টুইট কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে ছবিখনক প্ৰশংসা কৰে ।

You might also like