নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ গোলকগঞ্জ চাৰিআলিত দেওবাৰে সংঘটিত হয় এক দুৰ্ঘটনা । এই দুৰ্ঘটনাৰ পাচতেই আকস্মাতে নিজৰ এ কে ৪৭ ৰ গুলী ওলাই নিহত হয় উমেশ ৰায় নামৰ আৰক্ষী জোৱানজন ।
ঘটনা অনুসৰি বাইকেৰে গৈ থকা অৱস্থাত গোলকগঞ্জ চাৰিআলিত দুৰ্ঘটনাত পতিত হয় আৰক্ষী জোৱানজন । দুৰ্ঘটনাৰ পাচতেই অকস্মাতে নিজৰ হাতত থকা এ কে ৪৭ ৰ এটা গুলী ফুটি থিতাতে মৃত্যু হয় উমেশ ৰায়ৰ । আৰক্ষী জোৱানজনৰ মৃত্যুৰ পাচতেই এতিয়া শোকৰ ছাঁ পৰিছে অঞ্চলটোত ।