অযোধ্যাত প্রধানমন্ত্রী নৰেন্দ্র মোদী : অযোধ্যা ধাম ৰে’ল জংচন, মহর্ষি বাল্মীকি বিমানবন্দৰ উদ্বোধন
🔹 ৰাম মন্দিৰ উদ্বোধনৰ দিনা ‘অকাল দীপাৱলী’ত উদ্ভাসিত হওক দেশ : মোদী
🔹 ৮ কিলোমিটাৰ ৰোড শ্ব’ত প্রধানমন্ত্রী মোদীলৈ পুষ্পবৃষ্টি জনতাৰ
🔹 ৬খন ‘বন্দে ভাৰত’, দুখন ‘অমৃত ভাৰত’ ৰে’ল উপহাৰ
নিয়মীয়া ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ : অযোধ্যাত বহুপ্রতীক্ষিত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা হ’ব ২২ জানুৱাৰীত৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ৷ ইয়াৰ পূর্বে আজি ‘মন্দিৰনগৰী’ অযোধ্যাত ৰে’ল জংচন আৰু বিমান বন্দৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী মোদীয়ে৷ অযোধ্যাত আজি ‘অযোধ্যা ধাম ৰে’ল জংচন’ আনুষ্ঠানিকভাৱে মুকলি কৰে প্রধানমন্ত্রী মোদীয়ে৷ ‘মন্দিৰনগৰী’ত প্রধানমন্ত্রীগৰাকীয়ে মহর্ষি বাল্মীকি বিমানবন্দৰো উদ্বোধন কৰে৷ কিন্তু আজি অযোধ্যাত উপস্থিত থাকি প্রধানমন্ত্রী মোদীয়ে আগন্তুক ২২ জানুৱাৰীত দেশবাসীক ‘মন্দিৰনগৰী’লৈ নাহি ‘অকাল দীপাৱলী’ৰ আয়োজন কৰিবলৈ আহ্বান জনায়৷ ১৪০ কোটি ভাৰতীয়ৰ ওচৰত মোদীৰ অনুৰোধ যাতে সেইদিনাখন প্রত্যেকেই ঘৰত ‘ৰামজ্যোতি’ বা ৰামৰ নামত বন্তি জ্বলায়৷ লক্ষণীয়ভাৱে অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনৰ অনুষ্ঠানটো সমগ্র দেশত এক বিশাল অনুষ্ঠান হিচাপে উদযাপনৰ চিন্তা–চর্চা চলাইছে প্রধানমন্ত্রী মোদীয়ে৷ জনা মতে, শ্রীৰামচন্দ্রই যেতিয়া ৰাৱণ বধ কৰি অযোধ্যালৈ প্রত্যাৱর্তন কৰিছিল, তেতিয়া সমগ্র অযোধ্যা নগৰীয়ে ‘অকাল দীপাৱলী’ৰ আয়োজন কৰিছিল৷ আগন্তুক ২২ জানুৱাৰীত ‘নিজৰ ঘৰলৈ’ প্রত্যাৱর্তন কৰিব শ্রীৰামচন্দ্রই৷ প্রধানমন্ত্রীয়ে বিচাৰিছে ৰামৰ প্রত্যাৱর্তনৰ এই দিনটোত সমগ্র দেশ উদ্ভাসিত হৈ পৰক ‘অকাল দীপাৱলী’ত৷ আজি অযোধ্যাত প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে ২২ জানুৱাৰীত অযোধ্যাত ৰাম বিৰাজমান হ’ব৷ দেশবাসীয়ে সেই দিনটোত নিজৰ ঘৰতো ৰামজ্যোতি জ্বলাওক৷ দীপাৱলী পালন কৰক৷ ২২ জানুৱাৰীৰ সন্ধিয়া সমগ্র দেশ আলোকময় হৈ পৰক বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে৷ অকল ২২ জানুৱাৰীয়েই নহয়, ইয়াৰ এসপ্তাহ পূর্বৰ পৰাই প্রধানমন্ত্রী মোদীয়ে দেশবাসীক মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ উৎসৱৰ সৈতে চামিল কৰোৱাৰ চেষ্টা চলাইছে৷ ২২ জানুৱাৰীত অযোধ্যাৰ মন্দিৰ মুকলি হোৱাৰ পূর্বে দেশৰ সকলো মন্দিৰ তথা তীর্থস্থান স্বচ্ছ হোৱা উচিত বুলি মন্তব্য কৰিছে মোদীয়ে৷ গতিকে ১৪ জানুৱাৰীত মকৰ সংক্রান্তিৰ দিনা সকলো তীর্থস্থানত স্বচ্ছতা অভিযান চলাবলৈ দেশবাসীক আহ্বান জনাইছে প্রধানমন্ত্রীগৰাকীয়ে৷ ২২ জানুৱাৰীত ৰাম মন্দিৰ বা অযোধ্যাত ভিৰ নকৰি ইয়াৰ পৰৱর্তী দিনটোৰ পৰা মন্দিৰ দর্শনৰ চেষ্টা চলাবলৈ দেশবাসীক অনুৰোধ জনায় মোদীয়ে৷ ইফালে, ধর্মৰ সৈতে উন্নয়নৰ শ্ল’গান শুনিবলৈ পোৱা গ’ল প্রধানমন্ত্রী মোদীৰ মুখত৷ অযোধ্যাত হাজাৰ হাজাৰ কোটি টকা বিভিন্ন প্রকল্পত বিনিয়োগ কৰাৰ অন্তৰালত যেনেদৰে ধর্মীয় কাৰণ আছে, তেনেদৰে আর্থিক উন্নয়নৰ সোপানো জড়িত হৈ আছে৷ ভাৰতীয় আধ্যাত্মিকতাত বাৰে বাৰে কর্ম আৰু ধর্ম একাকাৰ হৈ পৰিছে৷ ৰাম মন্দিৰ নির্মাণৰ জৰিয়তে অকল ধর্মই নহয়, অযোধ্যাৰ উন্নয়নো হ’ব বুলি মোদীয়ে উল্লেখ কৰে৷ বিগত ১০ বছৰ ধৰি কেৱল উন্নয়নৰ কাম কৰি থকা বুলিও মোদীয়ে উল্লেখ কৰে৷ বিশ্বৰ যিকোনো দেশক নতুন উচ্চতালৈ লৈ যাবলৈ হ’লে নিজৰ ঐতিহ্যক ৰক্ষা কৰিব লাগিব বুলি আজি পুনৰ দোহাৰে মোদীয়ে৷ অযোধ্যাত প্রগতিৰ উৎসৱ হোৱা বুলি উল্লেখ কৰি মোদীয়ে কয় যে সমগ্র চহৰখনে উন্নয়নৰ মূর্তি দেখিবলৈ পাইছে৷ বৈভৱ, বিজ্ঞান, বৈৰাগ্যৰ ভূমি অযোধ্যা আগন্তুক দিনত উত্তৰ প্রদেশৰ উন্নয়নৰ কেন্দ্রবিন্দু হ’ব বুলিও উল্লেখ কৰে মোদীয়ে৷ ইফালে, আগন্তুক দিনত অযোধ্যা ‘স্মার্ট চিটী’ত পৰিণত হ’ব বুলি প্রতিশ্রুতি দিয়ে মোদীয়ে৷ অযোধ্যা ধাম ৰে’ল জংচন মুকলি কৰি আজি প্রধানমন্ত্রীয়ে ৬খন ‘বন্দে ভাৰত’ আৰু দুখন ‘অমৃত ভাৰত’ এক্সপ্রেছ ৰে’লৰ আনুষ্ঠানিক সেৱা আৰম্ভ কৰে৷ এই ৰে’লসমূহে দেশত যোগাযোগ উন্নত কৰাৰ উপৰি যাত্রীসকলক বিশ্বমানৰ সেৱা প্রদান কৰিব বুলিও উল্লেখ কৰে মোদীয়ে৷ উল্লেখনীয় যে অযোধ্যা ধাম ৰে’ল জংচন ২৪০ কোটি টকাতকৈ অধিক ব্যয়েৰে নির্মাণ কৰা হৈছে৷ ইয়াৰ উপৰি প্রধানমন্ত্রীয়ে ২৩০০ কোটি টকাৰ তিনিটা ৰে’ল প্রকল্প দেশবাসীলৈ উৎসর্গা কৰে৷ প্রধানমন্ত্রী মোদীয়ে অযোধ্যা ধাম জংচন উদ্বোধন কৰাৰ পিছত মহর্ষি বাল্মীকি বিমানবন্দৰো মুকলি কৰে৷ মুঠ ১৫,৭০০ কোটি টকাৰ বিভিন্ন প্রকল্প আজি উদ্বোধন কৰাৰ উপৰি এইবোৰ দেশবাসীলৈ উৎসর্গা কৰে প্রধানমন্ত্রী মোদীয়ে৷ আজি মন্দিৰনগৰীত প্রধানমন্ত্রী মোদীয়ে ৮ কিলোমিটাৰজোৰা ৰোডশ্ব’তো অংশ লয়৷ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ তথা কেইবাগৰাকী কেন্দ্রীয় মন্ত্রী উপস্থিত থকা আজি অযোধ্যাৰ বিভিন্ন অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ অহা প্রধানমন্ত্রী মোদীক ৰোডশ্ব’ৰ সময়ত অনুৰাগীসকলে পুষ্পবৃষ্টিৰে ওপচাই দিয়ে৷