🔹 দিল্লীৰ পৰাই অনুপ চেতিয়াৰ বিস্ফোৰণ
🔹 ঐতিহাসিক শান্তি চুক্তিৰ পূর্বে আলফাৰ সেনাধ্যক্ষৰে টেলিফোনিক বার্তালাপ হৈছিল সাধাৰণ সম্পাদকৰ
🔹 আপোনালোকৰ পিছে পিছে আমিও গৈ আছোঁ– ফোনযোগে কৈছিল পৰেশ বৰুৱাই
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ ডিচেম্বৰ : ৪৫ বছৰীয়া সংগ্রামৰ অৱসান ঘটাই দিল্লীত আলোচনাপন্থী আলফা–চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিক কেন্দ্র কৰি অব্যাহত আছে চর্চা৷ আলোচনাপন্থী আলফাই চৰকাৰৰ সৈতে যথেষ্ট নৰম স্থিতিৰে এই চুক্তি সম্পাদন কৰা বুলি বিভিন্ন পক্ষই আলোচনা কৰাৰ সমান্তৰালভাৱে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো শান্তি চুক্তিক লৈ নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে৷ এনে প্রতিক্রিয়াৰ মাজতে সমগ্র বিষয়টোক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে চুক্তি স্বাক্ষৰ কৰা আলোচনাপন্থী আলফাৰ অন্যতম অনুপ চেতিয়াই৷ আলফাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদকজনৰ স্পষ্ট মন্তব্য– পৰেশ বৰুৱাৰ জ্ঞাতসাৰেই হৈছিল এই শান্তি চুক্তি৷ শান্তি চুক্তিৰ কিছুদিন পূর্বেই পৰেশ বৰুৱাৰ সৈতে মোৰ টেলিফোনিক বার্তালাপ হৈছিল৷ এই বার্তালাপতে পৰেশ বৰুৱাই মোক কৈছিল– আপোনালোকে যিখিনি ল’ব পাৰে লৈ আলোচনা কৰক, পিছে পিছে আমি গৈ আছোঁ, আমি যদি কিবা এটা পাওঁ অসমৰ উন্নয়নৰ বাবে তেন্তে দুয়োখিনি মিলি ৰাজ্যখনৰ এটা সর্বাংগীণ উন্নয়ন হ’ব৷ উল্লেখ্য যে স্বাক্ষৰিত হোৱা চুক্তিৰ পিছতে কালি বিভিন্ন সংবাদ মাধ্যমত পৰেশ বৰুৱাই এইবুলি মন্তব্য কৰিছে– বন্দী হৈ আলোচনা কৰিলে এনেকুৱাই হয়৷ শান্তি চুক্তিক লৈ প্রতিক্রিয়া প্রকাশ কৰি পৰেশ বৰুৱাৰ মন্তব্য – ১৪ বছৰ পূর্বেই এই চুক্তি কৰিব লাগিছিল৷ পৰেশ বৰুৱাৰ এনে প্রতিক্রিয়াৰ বিপৰীতে অনুপ চেতিয়াই কালি সমগ্র বিষয়টো সন্দর্ভত কয় যে ১৩ বছৰীয়া আলোচনা প্রক্রিয়াত সম্পূর্ণ আশ্বস্ত হোৱাৰ পিছতহে আমি স্বাক্ষৰ কৰিছোঁ৷ এনেকুৱা বহু সময় আলোচনাত পাৰ হৈছে, য’ত শশ চৌধুৰীয়ে টেবুলতে গ্লাছ ভাঙিছে৷ এই চুক্তিৰ আগত ৫০ শতাংশ আসন বিধানসভাত খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰাৰ পৰামর্শ দিছিল ৰাজ্যৰ কিছুসংখ্যক বুদ্ধিজীৱীয়ে৷ আনকি চিন্তাবিদ হীৰেন গোহাঁয়েও এই পৰামর্শ দিছিল৷ কিন্তু আমি ৮০ শতাংশ আসন সংৰক্ষণ বিচাৰিছিলোঁ৷ সমষ্টি পুনৰ নির্ধাৰণৰ পিছত আমি দেখা পালোঁ যে ৯৪খন আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হৈছে৷ আমি এই প্রক্রিয়াটো অনাগত ৩০–৪০ বছৰলৈকে একে থকাটো বিচাৰোঁ৷ আমাৰ ক্ষুদ্র মস্তিষ্কৰে আমি এই কথাই বুজি পাই চুক্তিত সন্মত হৈছোঁ৷ পৰেশ বৰুৱাই টেলিফোনযোগে কৰা মন্তব্যৰ আঁত ধৰিয়েই অনুপ চেতিয়াই পুনৰ কয় যে এতিয়া পৰেশ বৰুৱা আলোচনালৈ আহক আৰু তেওঁ চুক্তিৰ জৰিয়তে অসমৰ বাবে অধিক আদায় কৰক৷ ইয়াৰ পাছতো যদি আৰু বাকী ৰৈ যায়, তেন্তে সেয়া অসমৰ জনগণে বিচাৰ কৰিব৷ ইফালে, শান্তি চুক্তি সন্দর্ভত চলা চর্চাৰ মাজতে বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই৷ চুক্তিক লৈ হোৱা সমালোচনা সন্দর্ভত ৰাজখোৱাই কয় যে চুক্তি কার্যকৰী কৰাৰ বাবে কেন্দ্র–ৰাজ্য চৰকাৰে দিয়া আশ্বাসক বিশ্বাস কৰিয়েই আমি চুক্তিত স্বাক্ষৰ কৰিছোঁ৷ এটা কথা স্পষ্ট যে নিশাটোৰ ভিতৰতে সোণৰ অসম গঢ়িব নোৱাৰি৷ অসমৰ সর্বাংগীণ উন্নয়নৰ বাবে আমাৰ সচেতনতাই যিমানখিনিলৈ ঢুকি পায়, সিমানখিনিলৈ আমি কৰিবলৈ চেষ্টা কৰিলোঁ৷ বাকী ৰৈ যোৱাখিনি আদায় কৰাৰ বাবে কেন্দ্র–ৰাজ্য চৰকাৰৰ প্রতিনিধিৰ সৈতে আমাৰ আলোচনা হৈছে৷ স্বাক্ষৰিত শান্তি চুক্তিৰ জৰিয়তে অসমৰ বহু সমস্যা সমাধান হ’ব বুলি আমি বিশ্বাস কৰোঁ৷ আমি চুক্তিত স্বাক্ষৰ কৰিছোঁ৷ কিন্তু ইয়াৰ দ্বাৰা নিশাৰ ভিতৰতে অসমখন সোণৰ কৰিব নোৱাৰোঁ৷ আমি ৪৫ বছৰ সংগ্রাম কৰিছোঁ৷ কিন্তু এখন থানা এলেকাও আমি স্বাধীন কৰিব পৰা নাই৷ এই চুক্তিয়ে অসমৰ অস্তিত্বক ৰক্ষা কৰিব বুলি আমি বিশ্বাসী৷ কেন্দ্র–ৰাজ্য চৰকাৰে সময় নির্ধাৰিত কার্যসূচীৰে এই চুক্তি ৰূপায়ণ কৰাৰ আশ্বাস দিছে আৰু আমি ইয়াক বিশ্বাস কৰিছোঁ৷