নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰন্থাগাৰ-তথ্য বিজ্ঞান বিভাগৰ বৃত্তিধাৰী সংস্থাৰ চতুৰ্থ দ্বিবাৰ্ষিক সন্মিলন সমাপ্ত

বিশেষ বাৰ্তা, ৩১ ডিচেম্বৰ : গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ বৃত্তিধাৰী ব্যক্তিসকলৰ সংগঠন “লাইব্ৰেৰী এণ্ড ইনফৰমেচন ছায়েন্স প্ৰফেছনেলছ এছ’চিয়েচন” চমুকৈ লিচপাৰ চতুৰ্থ দ্বি-বাৰ্ষিক সন্মিলনখন কালি নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত হৈ যায়। সংগঠনটোৰ সম্পাদক তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক সুৰজ গগৈয়ে আঁত ধৰা আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে আদৰণী বক্তব্য আগবঢ়োৱা সন্মিলনখনৰ মূল বক্তব্য ৰাখে সংগঠনটোৰ সভাপতি দেৱ হাজৰিকাই। আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপ-গ্ৰন্থাগাৰিক তথা লিচপাৰ প্ৰতিষ্ঠাপক সদ্য প্ৰয়াত উমা গগৈৰ সোঁৱৰণত অনুষ্ঠিত “Challenges of Copyright in Digital Era” শীৰ্ষক আলোচনা-চক্ৰত সমল ব্যক্তি ৰূপে উপস্থিত থাকি আলোচনা আগবঢ়ায় ডিব্ৰুগড় হনুমান বস্ক সুৰজমল কানৈ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডঃ পল্লৱী গগৈয়ে। ইয়াৰ পিছতেই অনুষ্ঠিত সংগঠনটোৰ প্ৰতিনিধি সভাত সম্পাদক সুৰজ গগৈয়ে তেওঁলোকৰ কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰাৰ অন্তত পুৰণি সমিতিখন ভংগ কৰি আগন্তুক কাৰ্যকালৰ বাবে দেৱ হাজৰিকাক পুনৰ সভাপতি আৰু অভিজিত বৰপূজাৰীক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে সন্মিলনখনত ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ গ্ৰন্থাগাৰ বৃত্তিত জড়িত ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like