নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত দালালৰ ৰূপত গাঁওৰক্ষী বাহিনীৰ সম্পাদক : জে’ললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত ফলিহামাৰী পথাৰ গাঁৱৰ এগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফলিহামাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মামুৰুল হুছেইনে বিভিন্ন সময়ত দালালি কৰি আহিছে। এই সন্দৰ্ভত ভূৰাগাঁও  থানাত মামুৰুল হুছেইনৰ বিৰুদ্ধে ১৪০/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬ ধাৰাত গোচৰ ৰুজু হৈছিল। তাৰ ভিত্তিত কালি ভূৰাগাঁও আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সম্পাদক মামুৰুল হুছেইনক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

You might also like