বাৰ্তা ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰঃ বিশিষ্ট চিত্র শিল্পী চম্পক বৰবৰালৈ চলিত বর্ষৰ প্রণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে৷ চিত্রকলা আৰু ভাস্কর্যৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই বঁটা আবগবঢ়োৱা হৈছে। আজি এক বিজ্ঞপ্তিৰ জৰিয়তে প্রণৱ বৰুৱা শিল্পী বঁটা সমিতিৰ সভাপতি মনোজ কুমাৰ গোস্বামী আৰু সম্পাদক নয়ন প্রসাদে এই কথা সদৰী কৰিছে৷ ২০০২ চনৰ পৰা পৱর্তন কৰা এই বঁটা প্রতি বছৰে চিত্র শিল্প আৰু ভাস্কর্যৰ ক্ষেত্রত জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে উত্তৰ পূর্বাঞ্চলৰ এগৰাকী বিশিষ্ট শিল্পীক প্রদান কৰা হয়৷ চলিত বর্ষৰ বঁটা লাভ কৰা শিল্পী চম্পক বৰবৰাৰ জন্ম হৈছিল শিৱসাগৰৰ বনমালী চাহ বাগিচাত৷ যোৰহাটত তেওঁ স্কুলীয়া আৰু কলেজীয়া শিক্ষা গ্রহণ কৰে৷ লৰালি কালৰ পৰা ছৱি অকাৰ প্রতি আকৃষ্ট হোৱা বৰবৰাই চিত্রকলাৰ আনুষ্ঠানিক শিক্ষা লাভ নকৰিলেও নিজৰ একাগ্রতা আৰু প্রতিভাৰ জৰিয়তে পৰৱর্তী সময়ত সুকুমাৰ কলাৰ সৃষ্টিশীল জগতখনত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হয়৷ তিনিখন একক চিত্র প্রদর্শনীৰ উপৰিও শিল্পী বৰবৰাৰ চিত্র শিল্প অসম আৰু অসমৰ বাহিৰৰ বহু সামূহিক চিত্র প্রদর্শনীত প্রদর্শিত হোৱাৰ লগতে প্রসংসিত হৈছে৷ কলেজীয়া জীৱনতে বিভীষিকা নামৰ এখন আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত চিত্রশিল্পীগৰাকীয়ে পৰৱর্তী সময়ত জনমভূমি কাকতত যোগদান কৰে৷ ১৯৮১ চনত গুৱাহাটীলৈ আহি তেওঁ নিউজ ষ্টাৰ, দ্য চেণ্টিনেল, নতুন দৈনিক, সূত্রধাৰ, পূর্বাঞ্চল প্রহৰী, অগ্রদূত, বিস্ময়, শিল্পীৰ পৃথিৱী আদি বিভিন্ন কাকত আলোচনাৰ সৈতে জড়িত হৈ পৰে৷ দ্য আসান ত্রিবিউন গ্রুপত চিত্র শিল্পী আৰু কার্টুনিষ্ট হিচাপে সুদীর্ঘ ২৫ বছৰ কার্যনির্বাহ কৰি চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰা চম্পক বৰবৰাৰ সহস্রাধিক ৰাজনৈতিক আৰু সামাজিক বিষয়ৰ কার্টুন তথা ব্যাখ্যা চিত্রই জনপ্রিয়তা লাভ কৰিছিল৷ উল্লেখ্য যে ইয়াৰ পূর্বে যশস্বী শিল্পী শোভা ব্রহ্ম, বেণু মিশ্র, নীলপৱন বৰুৱা, আদ্য শর্মা, বীৰেন সিংহ, ননী বৰপূজাৰী, পুলক গগৈকে ধৰি বহুসংখ্যক বিশিষ্ট চিত্র শিল্পীক এই বঁটা প্রদান কৰা হৈছে৷ প্রণৱ বৰুৱা শিল্পী বঁটাত আছে সুদৃশ্য স্মাৰকৰ সৈতে এখনি প্রশস্তি পত্র আৰু নগদ ২৫ হাজাৰ টকা৷