নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি ১৫ দিনত গুৱাহাটীৰ আয়ুক্তৰ কার্যালয়লৈ যাব মুখ্যমন্ত্রী

বাৰ্তা ডিজিটেল ডেস্ক, ২ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কার্যালয় সম্পূর্ণৰূপে দুর্নীতিমুক্ত কৰাৰ লক্ষ্যৰে প্রতি ১৫ দিনৰ মূৰে মূৰে কার্যালয়টোলৈ যাব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ গুৱাহাটীৰ আয়ুক্তৰ কার্যালয়ত ৰাইজে বহুদিনৰ পৰা বিভিন্ন অসুবিধা ভোগ কৰি আহিছে৷ নিকটাত্মীয়ৰ প্রমাণপত্র, পিআৰচি আদিৰ দৰে নথি উলিওৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল বুলি কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৷ আয়ুক্তৰ কার্যালয়ত বহু খেলিমেলি আছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘প্রতি ১৫ দিনৰ মূৰে মূৰে মই গুৱাহাটীস্থিত আয়ুক্তৰ কার্যালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ, যাতে আয়ুক্তৰ কার্যালয়ৰ দুর্নীতি সম্পূর্ণ দূৰ কৰি চিজিল কৰি পাৰোঁ৷ নতুন বর্ষৰ মোৰ সংকল্পসমূহৰ ভিতৰত এটা ডাঙৰ সংকল্প হৈছে যে গুৱাহাটীৰ আয়ুক্ত কার্যালয়ত যাতে কোনেও এটকাও উঠাব নোৱাৰে৷’ ইফালে, শীঘ্রে গুৱাহাটীৰ পাৰিষদসকলৰ সৈতেও তেওঁ বৈঠক অনুষ্ঠিত কৰিব বুলি ড০ শর্মাই প্রকাশ কৰে৷ গুৱাহাটীৰ মাটি আবণ্টনৰ বাবে নীতি–নিয়ম শিথিল কৰি মিছন বসুন্ধৰা–৪ গুৱাহাটী আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ কয় যে ইয়াৰ মূল উদ্দেশ্য হ’ব গুৱাহাটীৰ মাটি–বাৰী সম্পর্কীয় সমস্যাসমূহৰ সমাধন কৰা৷ এইক্ষেত্রত কমদিনৰ ভিতৰতে কাম আৰম্ভ কৰা হ’ব৷ উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটীত সংঘটিত ভূমি জালিয়াতিক লৈ বহু ভয়ংকৰ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল৷ মাটিৰ মালিকৰ অজ্ঞাতসাৰে একাংশ চৰকাৰী বিষয়া–কর্মচাৰীৰ সহযোগত দালালে মাটি বিক্রী কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে৷ মহানগৰ আৰক্ষীৰ তদন্তত ইতিমধ্যে বহুকেইজন বিষয়া–কর্মচাৰী আৰু দালালক গ্রেপ্তাৰো কৰা হৈছে৷

You might also like