পঞ্জাবৰ ৰাষ্ট্ৰীয় স্কুল গেমছলৈ মৰিয়নিৰ চাৰি কাৰাটে খেলুৱৈ
বিশেষ বাৰ্তা, ২ জানুৱাৰীঃ পঞ্জাবৰ লুধিয়ানাত ৫-১১ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ৬৭সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ কাৰাটেত অংশগ্ৰহণ কৰিবলগীয়া ১৯ বছৰ অনুৰ্দ্ধ অসমৰ ২৪জনীয়া ল’ৰা-ছোৱালীৰ দলত মৰিয়নিৰ চাৰিগৰাকী ছোৱালীয়ে স্থান পাইছে। মৰিয়নি মাৰ্চিয়েল আৰ্ট এচ’চিয়েছনৰ প্ৰশিক্ষাৰ্থী ক্ৰমে স্বেতা হাজৰিকা, ভাব্যালীনা বৰা, পঞ্চিমিতা বৰদলৈ আৰু সুনয়না গগৈয়ে অসমৰ ছোৱালী কাৰাটে দলত স্থান পাই মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই আনিছে। স্বেতা হাজৰিকা নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী আৰু নকছাৰিৰ নজৰুল হাজৰিকা আৰু পল্লবী হাজৰিকাৰ কন্যা। আনহাতে, ভাব্যালীনা বৰা তিতাবৰৰ প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু মৰিয়নিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ খ্ৰীষ্টজ্যোতি বৰা আৰু বিনীতা শইকীয়া বৰাৰ কন্যা। নিৰ্বাচিত পঞ্চিমিতা বৰদলৈ যোৰহাটৰ আসাম ৰাইফলছ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আৰু মৰিয়নি নগাধুলিৰ সৌৰভ বৰদলৈ আৰু অভিজিতা বৰদলৈৰ কন্যা। আনগৰাকী খেলুৱৈ সুনয়না গগৈ মৰিয়নিৰ চেইন্ট এন্টনীজ হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আৰু মৰিয়নি ডকলংগীয়াৰ সত্যজিত গগৈ আৰু শিখামনি গগৈৰ কন্যা। আটাইকেইগৰাকী খেলুৱৈ মৰিয়নি মাৰ্চিয়েল আৰ্ট এচ’চিয়েছনৰ নিয়মীয়া কাৰাটে প্ৰশিক্ষাৰ্থী। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত এইসকল খেলুৱৈয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰি ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে নিৰ্বাচিত হৈছিল। মৰিয়নি মাৰ্চিয়েল আৰ্ট এচ’চিয়েছনৰ মুখ্য প্ৰশিক্ষক, সমৰকলাবিদ ত্ৰিদ্বীপ গগৈ (দ্বীপ)ৰ তত্বাৱধানত এওঁলোকে প্ৰশিক্ষণ গ্ৰহন কৰি আছে। খেলুৱৈকেইগৰাকী আজি পঞ্জাৱ অভিমুখে ডিব্ৰুগড় – অমৃতসৰ এক্সপ্ৰেছ যোগে ৰাওনা হৈছে। অসম দলক প্ৰতিনিধিত্ব কৰা এই চাৰিগৰাকী কাৰাটে খেলুৱৈক মৰিয়নি ক্ৰীড়া সন্থা, মৰিয়নি মাৰ্চিয়েল আৰ্ট এচ’চিয়েছন, কিংশুক আদিয়ে শুভকামনা জ্ঞাপন কৰিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া