টকিঅ’ এয়াৰপ’ৰ্টৰ ৰানৱে’ত বিমানৰ মুখামুখি সংঘৰ্ষ
বাৰ্তা ডিজিটেল ডেস্ক, ২ জানুৱাৰীঃ জাপানত বিমান অৱতৰণ কৰাৰ সময়তে সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনা সংঘটিত হৈছে টকিঅ’ বিমানবন্দৰত। এই দুৰ্ঘটনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে জাপানৰ সংবাদ সংস্থা NHK-এ এই দুৰ্ঘটনা সন্দৰ্ভত বৃহৎ তথ্য প্ৰদান কৰিছে। NHK-এ বিষয়াসকলৰ উদ্ধৃতিৰে জনোৱা মতে, বিমানখন অৱতৰণ কৰাৰ পিছত আন এখন বিমানৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। বহু বিদেশী সংবাদ মাধ্যমে এই ঘটনাৰ ফুটেজ প্ৰকাশ কৰিছে। ইয়াত বিমানখনৰ খিৰিকীখন স্পষ্ট আৰু তলৰ পৰা জুইৰ শিখা ওলাই অহা দেখা যায়। জাপানী সংবাদ মাধ্যমৰ মতে, জুই লগা বিমানখনৰ নম্বৰ আছিল JAL 516 আৰু এই বিমানখনে হোকাইডোৰ পৰা উৰা মাৰিছিল। জাপান এয়াৰলাইন্সৰ ৫১৬নং বিমানখনে জাপানীজ স্থানীয় সময় অনুসৰি ১৬:০০ বজাত নিউ চিট’জ বিমানবন্দৰৰ পৰা ৰাওনা হয় আৰু ১৭:৪০ বজাত হানেডাত অৱতৰণ কৰাৰ কথা আছিল। এই ঘটনাৰ ভিডিঅ’টোত স্পষ্টকৈ দেখা যায় যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে। সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছৰ প্ৰতিবেদন অনুসৰি কিমানজন লোক আহত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইফালে জাপান টাইমছৰ তথ্য অনুসৰি বিমানখনৰ পৰা মুঠ ৩৬৭জন লোকক নিৰাপদে উলিয়াই অনা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰিত হৈছে। একে সময়তে জাপান ক’ষ্ট গাৰ্ডে জনাইছে যে যিখন বিমানৰ সৈতে জে এ এল ৫১৬ সংঘৰ্ষ হৈছিল, সেই বিমানখনৰ পাঁচজন ক্ৰু মেম্বাৰ নিৰুদ্দেশ হৈছে, পাইলটজনক নিৰাপদে উলিয়াই অনা হৈছে।