নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদালতত হাজিৰ শিৱসাগৰৰ গ্ৰেনেড বিস্ফোৰণত জড়িত পল্লৱজ্যোতি

🟥শিৱসাগৰত আলফাৰ গ্ৰেনেড বিস্ফোৰণৰে আছিল জড়িত

🟥ছদিনৰ জিম্মাত বিচাৰি আদালতত আৰ্জি তদন্তকাৰী বিষয়াৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ আলফা স্বাধীনৰ দ্বাৰা জয়সাগৰ চি আৰ পি এফৰ কেম্পত সংঘটিত ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণত জড়িত মূল অভিযুক্ত পল্লৱজ্যোতি গগৈয়ে অৱশেষত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাৰ্জিকেল ৱাৰ্ডৰ পৰা ৰিলিজ পালে ৷ প্ৰায় ৯টা দিন ভৰিত গুলী লগা অৱস্থাত চিকিৎসাধীন হৈ থকা লিংকমেন পল্লৱজ্যোতি গগৈক চিকিৎসকে ৰিলিজ দিয়াত পোনে পোনে শিৱসাগৰলৈ অনা হয়৷ উল্লেখ্য যে ৯ ডিচেম্বৰত সংঘটিত জয়সাগৰ বিস্ফোৰণৰ সন্দৰ্ভত ২২ ডিচেম্বৰত বিক্ৰমপুৰৰ নিজা গৃহৰ পৰা পল্লৱজ্যেতিক আটক কৰিছিল আৰক্ষীয়ে ৷ বিভিন্ন কাৰিকৰী তথ্য প্ৰমাণৰ ভিত্তিত আটক কৰা পল্লৱজ্যোতিক ২৪ ডিচেম্বৰৰ দিনা পুৱতিনিশা গেলেকী দেওপানীত লুকুৱাই ৰখা গুলী উদ্ধাৰ কৰিবলৈ নিয়াৰ সময়তেই আৰক্ষীৰ গুলীত আহত হৈছিল৷ সেই দিনাৰ পৰাই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা পল্লৱক আজি পুৰ্বতে ৰূজু হৈ থকা ১৯০/ ২০২৩ নম্বৰৰ গোচৰৰ ভিত্তিত আজি সদৰ থানালৈ অনা হয় ৷ সদৰ থানাত কিছু সময় শীৰ্ষ আৰক্ষী বিষয়াই সোধা-পোচা কৰাৰ অন্তত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাই বাহিৰে বাহিৰে শিৱসাগৰ আদালতত হাজিৰ কৰাই৷ আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, এতিয়াও বহু গুৰুত্বপুৰ্ণ গ্ৰেনেড বিস্ফোৰণ সম্পৰ্কত তথ্য উদ্ধাৰ হবলৈ বাকী আছে৷ যাৰ বাবে পল্লৱজ্যোতিক অধিক জেৰা চলোৱাৰ প্ৰয়োজনীয়তা আছে ৷সেইয়েহে তদন্তকাৰী আৰক্ষীৰ তৰফৰ পৰা ছটা দিনৰ নিজৰ জিম্মাত বিছাৰি আদালতত আৰ্জি দিয়াৰ কথা সূত্ৰটোৱে জানিবলৈ দিয়ে৷ স্মৰ্তব্য যে জয়সাগৰৰ চি আৰ পি এফৰ শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণত প্ৰায় ছজনকৈ সন্দেহজনক যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে পল্লৱজ্যোতিৰ জিম্মাৰ পৰা মুঠ ২১ জাই সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like