নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচি অফিচৰ কামত মানসিক হেঁচা : চৰকাৰী চাকৰি এৰি ব্যৱসায়মুখী ৰিজৱান

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ যিসময়ত ৰাজ্যৰ বহু নিবনুৱাই চৰকাৰী চাকৰিকে প্ৰাধান্য দিয়ে যদিও চৰকাৰী চাকৰি এৰি ব্যৱসায়িক জগতলৈ খোজ দিয়াৰ ব্যতিক্রমধৰ্মী চিন্তাৰে এজন যুৱকে নিজৰ চৰকাৰী চাকৰিৰ পৰা অব্যাহতি বিচৰাৰ এক ঘটনাই এতিয়া তুমুল চৰ্চিত বিষয় হৈ পৰিছে ধুবুৰীত। জানিব পৰা মতে, ধুবুৰীৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ নিম্ন বৰ্গৰ সহায়কৰূপে কৰ্মৰত তথা ধুবুৰী চহৰৰ ১৫নং ৱাৰ্ডৰ বাসিন্দা ৰিজৱান ফিৰদৌচ নামৰ ৩৬ বছৰীয়া যুৱকজনে নতুন বছৰৰ প্ৰথমটো দিনটোতেই নিজৰ চৰকাৰী চাকৰিৰ পৰা অব্যাহতি লোৱাৰ বাবে পদত্যাগ পত্ৰ প্ৰদান কৰিছে। ২০১১ চনৰ ৩১ ডিচেম্বৰত ধুবুৰীৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত নিম্নবৰ্গৰ সহায়কৰূপে যোগদান কৰা ৰিজৱানে দীৰ্ঘ ১২ বছৰৰ চাকৰি জীৱনৰ সমাপ্তি ঘটাই ১ জানুৱাৰীৰ দিনা ধুবুৰীৰ জিলা আয়ুক্তৰ হাতত নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰে। পদত্যাগ পত্ৰখনত চৰকাৰী কামৰ বাবে পোৱা মানসিক হেঁচা তথা পৰিয়ালক সময় দিব নোৱাৰা বাবেই পদত্যাগ কৰিবলৈ ওলোৱা বুলি স্পষ্টৰূপে উল্লেখ কৰিছে যুৱকজনে। এই প্ৰতিবেদকৰ সন্মুখত চাকৰি এৰি মচলাৰ ব্যৱসায় কৰিবলৈ প্ৰস্তুত হোৱা বুলি সদৰী কৰাৰ সমান্তৰালকৈ মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ আগশাৰীৰ বিভিন্ন মচলা প্ৰস্তুতকাৰী বেচৰকাৰী প্ৰতিষ্ঠান এটাৰ সৈতে প্ৰাৰম্ভিক কথা-বতৰা হোৱা বুলি জনাইছে ৰিজৱানে। যিসময়ত ৰাজ্যৰ বহু নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থান বুলিলে চৰকাৰী চাকৰিকে প্ৰাধান্য দি আহিছে; সেই সময়ত চৰকাৰী চাকৰী এটা হেলাৰঙে এৰি ব্যৱসায়িক জগতখনলৈ খোজ পেলাবলৈ মনস্থ কৰা ধুবুৰীৰ এই যুৱকজনৰ ব্যতিক্রমী চিন্তাধাৰা এক চৰ্চিত বিষয় হৈ পৰা দেখা গৈছে এতিয়া ধুবুৰীত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like