নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈহুৰ আন্তঃৰাষ্ট্রীয় থিয়েটাৰ মহোৎসৱত উখল–মাখল কোকৰাঝাৰ

🔹 দেশ–বিদেশৰ ১০ প্রখ্যাত নাট্যদলৰ অংশগ্রহণ

🔹 লৌৰগী থিয়েটাৰ গ্রুপৰ উদ্যোগ–বিটিআৰৰ চিনেমা এণ্ড থিয়েটাৰ বিভাগ–নর্থ ইষ্ট কালচাৰেল চেণ্টাৰৰ সহযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জানুৱাৰী : সমগ্র কোকৰাঝাৰ চহৰ এতিয়া সাংস্কৃতিক বাতাৱৰণত বুৰ গৈছে৷ সাংস্কৃতিক সংযোজন আৰু শান্তিপূর্ণ পৰিৱেশৰ মাজেৰে কোকৰাঝাৰত যোৱা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে দ্বিতীয় মৈহুৰ আন্তঃৰাষ্ট্রীয় থিয়েটাৰ মহোৎসৱ৷ লৌৰগী থিয়েটাৰ গ্রুপৰ উদ্যোগত ৩ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈকে কোকৰাঝাৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্রকল্প প্রেক্ষাগৃহত অনুষ্ঠিত এই আন্তঃৰাষ্ট্রীয় থিয়েটাৰ মহোৎসৱত দেশ–বিদেশৰ মুঠ ১০টা প্রখ্যাত নাট্যদলে অংশগ্রহণ কৰিছে৷ ইয়াৰে তিনিটাকৈ আছে বিদেশী নাট্যদল৷ বিটিআৰ চৰকাৰৰ চিনেমা এণ্ড থিয়েটাৰ বিভাগ আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ উত্তৰ–পূব মণ্ডল সাংস্কৃতিক কেন্দ্রৰ সহযোগত লৌৰগী থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত ইংলেণ্ড, উৰুগুৱে, কানাডা, বাংলাদেশৰ নাট্যদলকে ধৰি পঞ্জাব, ভূপাল, ডিব্রুগড়, গোৱালপাৰা, ওদালগুৰি আৰু তামুলপুৰৰ উপৰি বিভিন্ন প্রান্তৰ পৰা থলুৱাভাৱে উৎপাদিত সামগ্রীও প্রদর্শিত হৈছে৷

থিয়েটাৰ মহোৎসৱত কালি টংলাৰ আৰোহণে নাট প্রদর্শন কৰে৷ আনহাতে, আজি বিয়লি ভাগত ইংলেণ্ডৰ ‘লাইভ ইজ এ চার্কাছ’ আৰু পঞ্জাবৰ আন এখন নাট মঞ্চস্থ হ’ব৷ ৮ জানুৱাৰীত ভূপালত ‘চৰণদাস চোৰ’, ৯ জানুৱাৰীত ডিব্রুগড়ৰ ‘ক্লেনডেচটাইন ফ্লেম’, তামুলপুৰৰ ‘নজৰ আলাবাও’, ১০ জানুৱাৰীত বাংলাদেশৰ ‘থেলাংবাৰ’ আৰু কোকৰাঝাৰৰ ‘শাখন্দ্রা’ নাটখন মঞ্চস্থ হ’ব৷ উল্লেখ্য যে বিটিআৰলৈ নামি অহা শান্তিৰ পৰিৱেশৰ সমান্তৰালভাৱে এক শক্তিশালী সামাজিক বান্ধোন সৃষ্টি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই আন্তঃৰাষ্ট্রীয় নাট্য মহোৎসৱে এক সাংস্কৃতিক ঐক্যৰ পোহৰ হিচাপে থিয় দিছে৷ এই সন্দর্ভত বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৱে কয় যে বিটিআৰ চৰকাৰে সমগ্র অঞ্চলটোত সংহতি–পৰম্পৰা আৰু বৈচিত্র্যময় সাংস্কৃতিক ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে অনুষ্ঠানক উৎসাহিত কৰিবলৈ প্রতিশ্রুতিবদ্ধ৷ চৰকাৰৰ লক্ষ্য হ’ল জনসাধাৰণৰ মাজত ভাতৃত্ব আৰু গৌৰৱৰ ভাবনা গঢ়ি তোলা৷

 

You might also like