ৰিণিকি ভূঞা শর্মালৈ আতন বুঢ়াগোহাঁই বঁটা
🔹 ৩১ জানুৱাৰীত ধেমাজিত আটাছুৰ কেন্দ্রীয় মে–ডাম–মে–ফী
🔹 সাহিত্যিক পেন্সনাৰ শিক্ষাগুৰু বগেন গগৈক জনাব সম্বর্ধনা
বিশেষ বার্তা, ৯ জানুৱাৰী : আটাছুৰ ধেমাজি সদৰ আঞ্চলিক সমিতিয়ে মে–ডাম–মে–ফীৰ দিনটোত বছৰি প্রদান কৰি অহা আতন বুঢ়াগোহাঁই বঁটা এইবেলি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাক প্রদান কৰা হ’ব৷ সদৰ আঞ্চলিক সমিতিয়ে গঠন কৰি দিয়া বাছনি সমিতিয়ে ৰাজ্যখনৰ নাৰী সমাজৰ বাবে আদর্শস্বৰূপ উদ্যমী মহিলাগৰাকীৰ নাম চূড়ান্ত কৰে৷ আহোম ৰাজত্বৰ দূৰদর্শী তথা জ্ঞানজ্যেষ্ঠ মন্ত্রী আতন বুঢ়াগোহাঁইৰ নামত উৎসর্গিত বঁটাটোত আছে তাই আহোমৰ মুগাৰ সাজ এযোৰ, এখন হেংদাং, এটা স্মাৰক, এখন অংগবস্ত্র আৰু প্রশস্তি পত্র এখন৷ বঁটাটো অহা ৩১ জানুৱাৰীত ধেমাজিত অনুষ্ঠিতব্য মে–ডাম–মে–ফী অনুষ্ঠানত প্রদান কৰা হ’ব৷ ইয়াৰ পূর্বে প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈ, ধেমাজি জিলাৰ তদানীন্তন উপায়ুক্ত ডাঃ পি অশোক বাবুক এই বঁটা প্রদান কৰা হৈছিল৷ ইফালে, ৩১ জানুৱাৰীত ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হ’বলগীয়া অষ্টম বার্ষিক মে–ডাম–মে–ফীৰ কার্যসূচী অনুসৰি মানচাও পদ্মেশ্বৰ দিহিঙীয়াৰ সভাপতিত্বত আৰু মাননাং প্রণতি দেৱী শর্মাৰ সম্পাদনাত ‘পুলিন–পুথাও’ নামেৰে এখন স্মৃতিগ্রন্থ উন্মোচন কৰা হ’ব৷ মে–ডাম–মে–ফীৰ অনুষ্ঠানটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব৷ তদুপৰি মুকলি সভাত আটাছুৰ প্রাক্তন সম্পাদক মানচাও গৌতম গগৈয়ে নির্দিষ্ট বক্তা হিচাপে ভাগ ল’ব৷ ইয়াৰ পূর্বে পুৱা ৯ বজাত উপৰিপুৰুষ তথা ডামসকলৰ সদ্গতিৰ অর্থে মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ পৰৱর্তী কার্যসূচীত বিভিন্ন জাতি–জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতিৰে উলিয়াবলগীয়া সমন্বয় শোভাযাত্রা মুকলি কৰিব লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই৷ শোভাযাত্রাত প্রতিষ্ঠিত মডেল বেদিকা মহন, মোহময়ী অভিনেত্রী জয়শ্রী বর্মন আৰু জনপ্রিয় ইউটিউবাৰ ৰাজীৱ দুৱৰীয়ে ভাগ ল’ব৷ শোভাযাত্রাত সাহসী বঁটাপ্রাপক অভিনেতা–প্রযোজক নিপ কোঁৱৰে সহযোগিতা আগবঢ়াব৷ সন্ধিয়া ৬ বজাত বন্তি প্রজ্বলনেৰে মে–ডাম–মে–ফীৰ দিনজোৰা কার্যসূচীৰ সামৰণি পৰিব৷ আনহাতে, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাক বঁটা প্রদান কৰা অনুষ্ঠানটোত এই বছৰ সাহিত্যিক পেন্সন লাভ কৰা ধেমাজিৰ সু–সন্তান, শিক্ষক বগেন গগৈক সম্বর্ধনা জনোৱা হ’ব৷