নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰম উদ্ধতালি : বটদ্রৱাত গুণোৎসৱৰ কাৰ্যসূচীত কোৰান পাঠ

নিয়মীয়া বার্তা, ১০ জানুৱাৰীঃ নগাঁও জিলাৰ বটদ্রৱা প্রাথমিক শিক্ষাখণ্ডৰ অন্তর্গত একাংশ চৰকাৰী প্রাথমিক বিদ্যালয়ত শিক্ষা বিভাগৰ নীতি-নির্দেশনাক অংগুষ্ঠ দেখুৱাই প্রার্থনাৰ সময়ত কোৰান পাঠ কৰা হয়৷ আনকি প্রথম পর্যায়ৰ গুণোৎসৱতো শিক্ষা বিভাগে নিয়োগ কৰা চৰকাৰী উচ্চপদস্থ বিষয়াৰ সন্মুখতে চৰকাৰী প্রাথমিক বিদ্যালয়ত কোৰান পাঠ কৰা হয়৷ ইয়াকে লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ বটদ্রৱা প্রাথমিক শিক্ষা খণ্ডৰ শালমৰাবড়ি বালিকা মোক্তাব বিদ্যালয়, পশ্চিম চুবুৰী নিড নিম্ন প্রাথমিক বিদ্যালয় আৰু ২নং শালমৰাবড়ি মোক্তাব বিদ্যালয়ত গুণোৎসৱৰ সময়ত প্রার্থনাত কৰা হৈছিল কোৰান পাঠ৷ তদুপৰি শালমৰাবড়ি বালিকা মোক্তাব বিদ্যালয়ৰ শ্রেণীকোঠাসমূহৰ গোহালিসদৃশ পৰিৱেশ৷ বিদ্যালয়কেইখনত দুপৰীয়াৰ আহাৰ খোৱাৰ পৰিৱেশ চৰম অস্বাস্থ্যকৰ৷ বিদ্যালয়খনৰ শ্রেণীকোঠা আৰু আন্তঃগাঁথনিৰ আবণ্টিত ধনো পূর্বৰ প্রধান শিক্ষক আলাল ডদ্দিনে আত্মসাৎ কৰা বুলি বর্তমানৰ প্রধান শিক্ষয়িত্রী নাজিমা আহমেদে জানিব দিয়ে৷ ইফালে, আজি সংবাদকর্মী ডপস্থিত হোৱাৰ পাছতেহ বটদ্রৱা প্রাথমিক শিক্ষাখণ্ডৰ খণ্ড প্রাথমিক শিক্ষা বিষয়া বাহাৰুল ইছলাম উপস্থিত হয় বিদ্যালয়খনত৷ তেওঁ বিদ্যালয়ত কোৰান পাঠ কৰা আৰু বিদ্যালয়খনৰ লেতেৰা পৰিৱেশৰ কথা স্বীকাৰ কৰে৷ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ চৰকাৰী প্রাথমিক বিদ্যালয়ত সংগোপনে দিয়া হয় নেকি ধর্মীয় শিক্ষা, সেয়া ডচ্চ পর্যায়ৰ তদন্তৰ পাছতেহে ওলাব৷

You might also like