মুখ্যমন্ত্রীৰ ফেচবুক একাউণ্ট হেক কৰাৰ অপচেষ্টা
বাৰ্তা ডিজিটেল ডেস্ক,১০ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ফেচবুক একাউণ্ট হেক কৰাৰ অপচেষ্টা চলোৱাৰ তথ্য পোহৰলৈ আহিছে। মুখ্যমন্ত্রীগৰাকীয়ে টুইটৰ জৰিয়তে এই কথা সদৰী কৰে ৷ এক টুইটত তেওঁ কয়– কালি সন্ধিয়া অচিনাক্ত হেকাৰে মোৰ ফেচবুক একাউণ্ট হেক কৰিবলৈ চেষ্টা কৰে ৷ প্রাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি পাকিস্তানৰ পৰা হেকাৰ পৰিচালিত হ’ব পাৰে ৷ দুর্বৃত্তক চিনাক্তকৰণৰ বাবে অনুসন্ধান অব্যাহত আছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাৰ ফেচবুক একাউণ্টৰ বর্তমান অনুগামীৰ সংখ্যা দুই নিযুত৷ দৈনন্দিন সভা–সমিতিৰ লগতে চৰকাৰে গ্রহণ কৰা বিভিন্ন আঁচনি, পদক্ষেপ আদিৰ বিষয়ে মুখ্যমন্ত্রীগৰাকীয়ে ফেচবুক একাউণ্টৰ জৰিয়তে নিতৌ সদৰী কৰি আহিছে ৷