নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ ৩৭৫ খন বিদ্যালয়ত আৰম্ভ গুণোৎসৱ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি শোণিতপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত আজিৰেপৰা আৰম্ভ হৈছে শিক্ষা বিভাগৰ গুণোৎসৱ। জিলাখনৰ বালিপৰা, চাৰিদুৱাৰতো একেদৰে আজি অনুষ্ঠিত হয় প্ৰথম দিনাৰ গুণোৎসৱ। প্ৰাপ্ত তথ্য অনুসৰি ,জিলাখনৰ সৰ্বমুঠ ৩৭৫ খন বিদ্যালয়ত বহিঃ মূল্যায়কৰ উপস্থিতিত গুণোৎসৱ অনুষ্ঠিত হৈছে। তিনিদিনীয়া গুণোৎসৱৰ আজি প্ৰথম দিনা বালিপৰা শিক্ষাখণ্ডৰ ১৩৩খন বিদ্যালয়ত পুৱা প্ৰাতঃসভাৰ লগে লগে গুণোৎসৱ হয়। প্ৰাতঃ সভাৰ পিছতে শিক্ষা বিভাগৰপৰা যোগান ধৰা প্ৰশ্নকাকত, অ’ এম আৰ ছীটত অনুষ্ঠিত হয় প্ৰথম শ্ৰেণীৰপৰা নৱম শ্ৰেণীলৈকে মূল্যায়ন প্ৰক্ৰিয়া। বহিঃমূল্যায়কসকলে সমগ্ৰ মূল্যায়ন প্ৰক্ৰিয়া গুণোৎসৱৰ নিৰ্দেশনা পুস্তিকা অনুসৰি পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হয়। গুণোৎসৱ প্ৰক্ৰিয়াত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, মাতৃ গোট, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, ৰাইজ, অভিভাৱক সকলোৰে সমানুপাতিক সহযোগিতাত শৃঙ্খলাৱদ্ধভাৱে অনুষ্ঠিত কৰা হৈছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, গুণোৎসৱ প্ৰক্ৰিয়াক পূৰ্বতকৈ অধিক স্বচ্ছ, খৰতকীয়া আৰু সততাপূৰ্ণ কৰি তোলাৰ মানসেৰে প্ৰতিখন বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীক (বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ন’ডেল শিক্ষকৰ বাহিৰে) নিজ নিজ বিদ্যালয়ত গুণোৎসৱৰ দায়িত্ব পালনৰ পৰিৱৰ্তে অন্য বিদ্যালয়ত নিৰ্দিষ্ট দিনৰ বাবে দায়িত্ব পালন কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে আৰু সেই নিৰ্দেশনাতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও বিভাগে নিৰ্ধাৰণ কৰি দিয়া বিদ্যালয়ত গৈ পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like