নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী : দেৰগাৱঁৰ শোকাবহ পথ দুৰ্ঘটনাৰ পুনৰাবৃত্তিৰ পৰা আজি কথমপি ৰক্ষা পৰে গৌৰীসাগৰত।গৌৰীসাগৰ তিনি আলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত এখন দ্ৰুতবেগী ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই ঘাই পথৰ কাষত দমাই ৰখা মাটিত খুন্দা মাৰি কথমপি ৰয়।ঘটনাৰ বিৱৰণী মতে দুৰ্ঘটনাগ্ৰস্ত এ এছ ০১ এইচ চি ৮০২৯ নম্বৰৰ ট্ৰেভেলাৰখন যোৰহাট দিশৰ পৰা শিৱসাগৰ অভিমুখে আহি আছিল।দুঘটনাটোৰ ফলত ট্ৰেভেলাৰখনত অহা ত্ৰিশজনতকৈ যাত্ৰী কথমপি ৰক্ষা পৰে।চাৰিলেনযুক্ত পথৰ সম্প্ৰসাৰণৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানে মূল ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত খান্দি যোৱা খাৱৈ সদৃশ পথৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।জাঁজী দলংৰ পৰা ডিমৌলৈকে ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ নামত যধে মধে ঘাই পথটোৰ দাতিত খনন কায্য চলাই তেনেকৈ পেলায় ৰাখিছে।তাৰোপৰি ঘাই পথটোৰ দুয়োকাষে কোনো চাইডবাম নথকাৰ লগতে দুই তিনি ফুট দ গাত হৈ আছে।যাৰ বাবে মৰণ ফাণ্ড সদৃশ ঘাই পথটোত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে।এটাৰ পাছত আনটো নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পথ নিৰ্মাণৰ নামত লুণ্ঠন চলায় পলায়ন কৰা লগতে অতি চুড়ান্ত মইমতালিৰে কাম কৰাৰ পাছতো নেদেখাৰ ভাও জুৰা ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ কায্যত ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ।
প্ৰেৰক মৃগাংক হাজৰীকা