মালদ্বীপৰ অস্থিৰতা
চীনপন্থী নেতা মহম্মদ মুইজ্জু মালদ্বীপৰ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পিছতে প্রতিৱেশী দেশখনৰ সৈতে ভাৰতৰ সংঘাত বৃদ্ধি পাব বুলি আশংকা কৰা হৈছিল৷ কাৰণ, ৰাষ্ট্রপতি নির্বাচনত জয়লাভ কৰাৰ লগে লগে মালদ্বীপৰ পৰা ভাৰতীয় সেনা প্রত্যাহাৰ হ’ব লাগিব বুলি দাবী জনাইছিল মুইজ্জুৱে৷ তথাপি বিভিন্ন দেশৰ বাবে সাগৰীয় গুৰুত্বপূর্ণ দ্বীপ ৰাষ্ট্র মালদ্বীপৰ সৈতে সম্পর্ক মধুৰ কৰি ৰখাৰ চেষ্টা চলাইছিল ভাৰতে৷ মালদ্বীপক চীনৰ সৈতে অধিক ঘনিষ্ঠ সম্পর্ক গঢ়ি নুতুলিবলৈ কৌশলেৰে ভাৰতে আহ্বানো জনাইছিল৷ কিন্তু ৰাষ্ট্রপতি হিচাপে শপত লোৱাৰ পিছতে চীন ভ্রমণলৈ যায় মুইজ্জু৷ বর্তমানো চীন ভ্রমণতে আছে মালদ্বীপৰ ৰাষ্ট্রপতিগৰাকী৷ ৰাষ্ট্রপতিগৰাকীয়ে চীন ভ্রমণ কৰি থকা সময়তে মালদ্বীপ চৰকাৰৰ তিনিগৰাকী মন্ত্রীয়ে মোদীৰ লাক্ষাদ্বীপ ভ্রমণক ব্যংগ কৰি বিভিন্ন মন্তব্য আগবঢ়াইছে ছ’চিয়েল মিডিয়াত৷ প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ পিছতে এই বিষয়টোক লৈ ভাৰতজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ আনকি, ভাৰতৰ তৰফৰ পৰা মালদ্বীপ ভ্রমণ বন্ধ কৰি দিয়াৰ কুচকাৱাজ আৰম্ভ হৈছে৷ একমাত্র পর্যটন শিল্পক নির্ভৰ কৰি থকা মালদ্বীপলৈ বছৰি ভাৰতৰ পৰা লাখ লাখ পর্যটক যায়৷ এনে পৰিস্থিতিত ভাৰতীয় পর্যটকৰ যাত্রা দেশখনলৈ বন্ধ হৈ পৰিলে গভীৰ সংকটৰ সন্মুখীন হ’ব মালদ্বীপ৷ গতিকে তাৎক্ষণিকভাৱে তিনিওগৰাকী মন্ত্রীক নিলম্বন কৰিছে মালদ্বীপ চৰকাৰে৷ অকল সেয়াই নহয়, দেশখনৰ বিদেশ মন্ত্রীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে কোনোধৰণৰ কটু সমালোচনা সহজভাৱে গ্রহণ কৰা নহ’ব৷ ভাৰতৰ সৈতে মালদ্বীপে কোনো কাৰণতেই শত্রুতা নিবিচাৰে বুলিও বিদেশ মন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷ অকল সেয়াই নহয়, মোদীক লৈ কৰা মন্তব্য মন্ত্রীকেইগৰাকীৰ ব্যক্তিগত মন্তব্য আছিল বুলিও দেশখনৰ চৰকাৰে স্পষ্ট কৰি দিয়ে৷ কিন্তু ইয়াৰ পিছতো মালদ্বীপক লৈ ভাৰতত সৃষ্টি হোৱা অসন্তুষ্টিৰ অৱসান ঘটা নাই৷ বিভিন্ন মহলে মালদ্বীপৰ পৰিৱর্তে লাক্ষাদ্বীপক পর্যটন হাব হিচাপে গঢ়ি তোলাৰ আহ্বান জনাইছে৷ ভাৰতৰ চলচ্চিত্র উদ্যোগৰ তাৰকাৰ পৰা ক্রিকেটাৰলৈ সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে মালদ্বীপলৈ যাত্রা বন্ধৰ কথা৷ ইয়াৰ বিপৰীতে লাক্ষাদ্বীপক ভাৰতৰ পর্যটন হাব হিচাপে গঢ়ি তোলাৰ দাবী এই তাৰকাসকলে জনাইছে৷ লগে লগে লাক্ষাদ্বীপত বিমানবন্দৰৰ আধুনিকীকৰণ তথা বিলাসী হোটেল–ৰেষ্টুৰেণ্ট আদি গঢ়ি তোলাৰ কুচকাৱাজ আৰম্ভ হৈছে ভাৰতীয় উদ্যোগপতিসকলৰ মাজত৷ ইয়াৰ লগে লগে আশংকা বৃদ্ধি পাইছে মালদ্বীপত৷ ভাৰতক মালদ্বীপ চৰকাৰে অনুনয়–বিনয় কৰিবলগীয়া হৈছে যে পর্যটকৰ যাত্রা যিকোনো প্রকাৰে নতুন দিল্লী প্রশাসনে পূর্বৰ দৰে অব্যাহত ৰাখে যেন৷ ভাৰতৰ তৰফৰ পৰা এই সন্দর্ভত চৰকাৰীভাৱে কোনোধৰণৰ বিবৃতি প্রকাশ কৰা হোৱা নাই৷
ইফালে, চীন ভ্রমণৰত মালদ্বীপৰ ৰাষ্ট্রপতি মহম্মদ মুইজ্জুৱে এনে পৰিস্থিতিত শীঘ্রে ভাৰত ভ্রমণৰ চিন্তা–চর্চা চলাইছে৷ চীনৰ পৰাই ভাৰতলৈ অহাৰ চেষ্টা চলাইছে মুইজ্জুৱে৷ নেতাগৰাকীয়ে যিকোনো প্রকাৰে ভাৰতক সন্তুষ্ট কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ চীনক দেশখনৰ নাগৰিকসকলৰ বাবে মালদ্বীপ ভ্রমণ সহজ কৰি তুলিবলৈ অনুৰোধো জনাইছে নেতাগৰাকীয়ে৷ কাৰণ ভাৰতৰ পৰা পর্যটকৰ যাত্রা বন্ধ হৈ পৰিলে মালদ্বীপৰ আর্থিক পৰিস্থিতি ভয়াৱহ হৈ পৰিব৷ এনে পৰিস্থিতিত একমাত্র চীনে মালদ্বীপক কিছু সকাহ দিব পাৰে৷ গতিকে চীনা পর্যটকৰ আগমন বেছি হ’ব লাগিব মালদ্বীপলৈ৷ এনে বিভিন্ন বিষয় লৈ এতিয়া মালদ্বীপ হৈ আছে উত্তপ্ত৷ ইফালে, দেশখনৰ বিৰোধী নেতাসকলে মালদ্বীপৰ ৰাষ্ট্রপতি মহম্মদ মুইজ্জুক অপসাৰণ কৰাৰ বাবে চেষ্টাও চলাইছে৷ নেতাগৰাকীয়ে প্রতিবেশী ভাৰতৰ সৈতে সম্পর্ক বিঘ্নিত নৌহওঁতেই ৰাষ্ট্রপতিৰ পদ ত্যাগ কৰিব লাগে বুলি দাবী জনাইছে বিৰোধী ডেম’ক্রেটিক পার্টীৰ নেতা তথা প্রাক্তন ৰাষ্ট্রপতি ইব্রাহিম ছ’লিয়ে৷ অন্য এগৰাকী প্রাক্তন ৰাষ্ট্রপতি মহম্মদ নাছিদেও মোদীক অপমান কৰা ঘটনাক লৈ তীব্র বিষোদগাৰ প্রকাশ কৰিছে৷ শীঘ্রে ৰাষ্ট্রপতি মুইজ্জুৱে উভয় দেশৰ সম্পর্কত সৃষ্টি হোৱা সুৰুঙা বন্ধ কৰিব লাগে বুলি দাবী জনাইছে নাছিদে৷ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে এই কথাও উল্লেখ কৰে যে নৰেন্দ্র মোদী বিশ্বৰ আটাইতকৈ জনপ্রিয় নেতা৷ এই নেতাগৰাকীক অপমান কৰা মানেই সমগ্র মালদ্বীপবাসীৰ অনাস্থাৰ সন্মুখীন হ’ব লাগিব মহম্মদ মুইজ্জুৰ চৰকাৰ৷