নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম প্ৰদেশ সাংবাদিক সন্থা, নলবাৰী জিলা সমিতিৰ মত বিনিময় অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : পাগলাদিয়াৰ মনোৰম পৰিৱেশৰ মাজত কালি অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। পাগলাদিয়া ৰিজ’ৰ্টৰ সভাগৃহত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সভাপতি চম্পক বৈশ্যই। সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট পুথি প্ৰকাশক তথা নলবাৰী জাৰ্ণাল এম্প’ৰিয়ামৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্য, বিশিষ্ট নাট্যকাৰ পৰিচালক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী জিলা সাহিত্য সমাজৰ সম্পাদক তথা কবি, সাংবাদিক মানসজ্যোতি শৰ্মাই। মত বিনিময় অনুষ্ঠানত চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° সঞ্জীৱ গোস্বামীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে সাংবাদিকসকলৰ বহুতো সমস্যা আছে, তথাপি এগৰাকী সাংবাদিকৰ কৰ্মৰাজিক অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিয়ে জীয়াই ৰখাৰ প্ৰয়াসত মই যথেষ্ট সুখী।অনুষ্ঠানটোত অসম প্ৰদেশ সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি অৰূপ ৰঞ্জন বৰ্মন, জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কলিতা, সুভাষ কাকতি আদিয়েও ভাষণ প্ৰদান কৰে। সভাত জ্যেষ্ঠ সাংবাদিক শশাংক শৰ্মা, দিগন্ত বৰ্মন, ৰাজ কুমাৰ পাণ্ডে, ধনজিৎ দাসকে ধৰি ভালেকেইগৰাকী সাংবাদিক তথা বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক অৰূপ ৰঞ্জন

You might also like