🔹 হিন্দু-মুছলমানে মিলা-প্ৰীতিৰে সাজিলে দুমহলীয়া ভেলাঘৰ
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : হেপাঁহৰ ভোগালী বিহুলৈ মাত্ৰ দুটা দিন বাকী। ৰাজ্যজুৰি এতিয়া দিনে-নিশাই ভোগালীক আদৰাৰ ব্যাপক উৎসাহ-উদ্দীপনা । গ্ৰামাঞ্চলত এতিয়া যুৱক-যুৱতী, পুৰুষ-মহিলা সকলোৰে ব্যস্ততাৰ অন্ত নাইকিয়া হৈ পৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দিনে-নিশাই ব্যস্ত ডেকা-গাভৰু। ব্যতিক্ৰমীভাৱে ভেলাঘৰ নিৰ্মাণ কৰাৰ অঘোষিত প্ৰতিযোগিতা চলাইছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ওদালগুৰি জিলাৰ পানেৰীতো দোভাগ নিশালৈ ভেলাঘৰ নিৰ্মাণ কৰিবলৈ ওলাই আহিছে যুৱক-যুৱতী, জীয়াৰী-বোৱাৰী, পুৰুষ-মহিলা। ভেলাঘৰত চহা জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰি তুলিছে । উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ বাবে বিভিন্ন ঠাইৰ লগতে পানেৰীতো যুৱক-যুৱতী, জীয়াৰী-বোৱাৰীয়ে নাচি-বাগি মতলীয়া হৈ হেঁপাহৰ ভোগালীক আদৰাৰ চলাইছে পূর্ণ প্ৰস্তুতি। পানেৰীৰ গাঁওবাসীয়ে হিন্দু-মুছলমানৰ ভেদ-ভাব নাৰাখি সকলো ওলাই আহি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি মিলা-প্ৰীতিৰ এনাজৰীডাল বান্ধি ৰাখিছে। হিন্দু-মুছলমানে মিলি পৰম্পৰাগতভাৱে সাজি উলিয়াইছে এটা দুমহলীয়া ভেলাঘৰ। এই ভেলাঘৰটোতে উৰুকাৰ নিশা সকলোৱে লগ হৈ এসাঁজ খাব । হিন্দু-মুছলমানে অসমীয়াৰ পৰম্পৰা ধৰি ৰখাৰ লগতে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰাৰ চেষ্টা পানেৰীৰ এইসকল লোকৰ ।
প্ৰেৰক পিংকু কলিতা