🔹 পদূলি মুখত ভোগৰ উৎসৱ ভোগালী
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : পদূলিমুখত কৃষিজীৱী অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু।আঘোণৰ লখিমীক ভঁৰাললৈ চপাই প্ৰাচুৰ্যৰে ভৰা ভোগৰ বিহুটিক আদৰিবলৈ সাজু হৈ পৰিছে অসমবাসী ৷ ৰাজ্যৰ গাঁৱে-ভূঞে চলিছে এতিয়া মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি । ঢেঁকীৰ মাতত ৰজনজনাইছে ৰাজ্যৰ চৌপাশ। ঢেঁকীৰ মাতত চুবুৰি কঁপাই অসমীয়াই যা-যোগাৰ চলাইছে ভোগৰ পিঠা-পনাৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ঢকুৱাখনাৰ বিভিন্ন গাঁৱতো দেখা গৈছে অনুৰূপ পৰিৱেশ। বিশেষকৈ গাঁওসমূহত দেখা গৈছে জীয়াৰী-বোৱাৰীৰ সীমাহীন ব্যস্ততা। এফালে যদি মেজি, ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকাসকল, আনফালে গাঁওৰ জীয়াৰী-বোৱাৰীসকলে প্ৰস্তুত কৰিছে তিলপিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ুকে ধৰি বিভিন্ন বিহুৰ সামগ্ৰী। বিজ্ঞান-প্রযুক্তিয়ে এলাগী কৰিলেও বিহুৰ বতৰত ঢেঁকীৰ শব্দই কঁপাইছে প্ৰতিটো চুবুৰি। ভোগালীৰ পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰৰ দৰে এই বছৰো পুহ মাহৰ ঠেঁটুৱৈ ধৰা জাৰকো আওকাণ কৰি কোনোৱে ঘৰতে নতুবা আন কোনোৱে আকৌ চুবুৰীয়া আন দুই-তিনিগৰাকীৰ সৈতে লগ লাগি হাঁহি-তামাচাৰে খুন্দিছে চিৰা, সান্দহ, পিঠাগুৰিকে ধৰি বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্য-সামগ্ৰী৷ জীয়াৰী-বোৱাৰী একলগ হৈ হাঁহি-স্ফূৰ্তিৰে ঢেঁকীৰ চাবে চাবে কোনোৱে যদি বিহুনাম গাইছে, কোনোৱে আকৌ কঁকাল ভাঙি নাচিছে। ঢেঁকীশালত পিঠাগুৰি খুন্দি জুহালত পিঠা-পনা বনোৱাত ব্যস্ত আইতাসকলো। গাঁৱৰ আইতাসকলেও মুখত এমোকোৰা হাঁহি লৈ তিলপিঠা, লচকৰা, মিঠৈ বনোৱাত ব্যস্ত হৈ পৰিছে। আনফালে ভোগালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি ঠায়ে ঠায়ে ভেলাঘৰ, মেজি নির্মাণৰ কামতো ব্যস্ত হৈ পৰিছে যুৱপ্রজন্ম৷ কৃষিজীৱী অসমীয়া গ্ৰাম্য চহা জীৱনৰ অন্যতম অংগ ভোগালী বিহুৰ পৰম্পৰা ধৰি ৰাখি পথাৰতে হাঁহে-মাহে উৰুকাৰ নিশা একেলগে এসাঁজ খাই পহিলা মাঘ বিহুৰ পুৱা পৰম্পৰাগতভাৱে সাজি উলিওৱা মেজি জ্বলাই বছৰটো কুশলে যোৱাৰ বাবে আশীৰ্বাদ ল’বলৈ সাজু ঢকুৱাখনাৰ ৰাইজ ।
প্ৰেৰক পুলকজ্যোতি বৰা